thumbnail

কাহিলীপুৱাতেই অঘটন; ৰে’লৰ খুন্দাত নিহত মুকবধিৰ যুৱক

By

Published : Sep 25, 2022, 9:57 AM IST

Updated : Feb 3, 2023, 8:28 PM IST

মহালয়াৰ উলহ মালহৰ মাজতেই কলিয়াবৰত অঘটন (Train hits a man at Kaliabor) ৷ কলিয়াবৰত দেওবাৰে কাহিলীপুৱাতেই শিলঘাট টাউন-গুৱাহাটী পেছেঞ্জাৰ ৰে’লৰ খুন্দাত নিহত হয় এজন মুকবধিৰ যুৱক (Man died at Koliabor) ৷ কলিয়াবৰৰ কামাখ্যা গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ৷ নিহত যুৱকজন কলিয়াবৰৰ কামাখ্যা গাঁৱৰ দীপাঙ্কৰ দাস বুলি জানিব পৰা হৈছে ৷ দীপাঙ্কৰে পুৱা ছাগলীৰ বাবে পাত ছিঙিবলৈ যাওঁতেই ৰে'লৰ আলি পাৰ হোৱাৰ সময়তে ৰে’লৰ শব্দ নুশুনাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাৰ পাছতেই ততাতৈয়াকৈ যুৱকজনক জখলাবন্ধা চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসালয়ত তেওঁৰ মৃত্যু হয় ৷
Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.