thumbnail

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 10:57 AM IST

Updated : Nov 20, 2023, 5:30 PM IST

ETV Bharat / Videos

ইয়াৰফোনেই কাল হ’ল যুৱকৰ, প্ৰাতঃভ্ৰমণ কৰিবলৈগৈ যুৱকৰ অকাল মৃত্যু

গোলাঘাট, 20 নৱেম্বৰ : সোমবাৰে পুৱাই গোলাঘাটত অঘটন ৷ প্ৰাতঃভ্ৰমণ কৰিবলৈ গৈ চলন্ত ৰে’লৰ খুন্দাত মৃত্যু এজন সম্ভাৱনাময় যুৱকৰ ৷ জিলাখনৰ ডনব’স্ক স্কুলৰ সমীপত সংঘটিত হৈছে এই শোকাৱহ ঘটনা ৷ নামনিমুৱা B G Express ৰ খুন্দাত মৃত্যুক আঁকোৱালি লয় যুৱকজনে ৷ মৃত যুৱকজন নগৰৰ বেংগলী স্কুল পথৰ সঞ্জীৱ মজুমদাৰৰ পুত্ৰ আদিত্য মজুমদাৰ (19) বুলি জানিব পৰা গৈছে। 

জানিব পৰামতে কাণত ইয়াৰফোন লগাই প্ৰতিদিনে প্ৰাতঃভ্ৰমণ কৰিবলৈ যায় আদিত্যই ৷ প্ৰতিদিনৰ দৰে আজিও পুৱা আদিত্যই ৰে’লৱে লাইনত খোজ কাঢ়ি থাকোঁতে সন্মুখৰ পৰা অহা দ্ৰুতবেগী ট্ৰেইনৰ খুন্দাত এই দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাৰ পাচত ৰে’লৱে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

লগতে পঢ়ক: ব্ৰহ্মপুত্ৰৰ বালিচৰত উদ্ধাৰ অচিনাক্ত মৃতদেহ

Last Updated : Nov 20, 2023, 5:30 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.