Accident in Goalpara:গোৱালপাৰাত ৰে'লৰ পৰা পৰি যুৱকৰ মৃত্যু

By

Published : Jul 27, 2023, 7:15 PM IST

thumbnail

গোৱালপাৰা, ২৭ জুলাই:গোৱালপাৰা জিলাৰ ধূপধৰা ৰে'ল ষ্টেচনৰ সমীপৰ মাছলামত অঘটন । চলন্ত ৰে'লৰ পৰা পৰি বলভদ্ৰ সূত্ৰধৰ (২৯) নামৰ এজন যুৱকৰ মৃত্যু হয় । নিহত যুৱকজনৰ ঘৰ কোকৰাঝাৰত । উল্লেখ্য় যে বৃহস্পতিবাৰে দুপৰীয়া নামনিমুৱা যাত্ৰীবাহী ৰে'লেৰে নিজ ঘৰলৈ গৈ আছিল যুৱকজন । হঠাৎ ৰে'লৰ দুৱাৰ মুখত ভৰি পিছল খাই পৰি যায় যুৱকজন ।  

ধূপধৰা ৰে'ল ষ্টেচনৰ সমীপৰ মাছলাম পাৰাৰ স্থানীয় ৰাইজে যুৱকজনক প্ৰত্যক্ষ কৰি ১০৮ এম্বুলেঞ্চৰে ধূপধৰাৰ বিকালী আদৰ্শ চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় । যুৱকজনৰ সোঁ ভৰি প্ৰায় ছিঙি যোৱাৰ উপক্ৰম হোৱাৰ লগতে মূৰৰ কেইবাস্থানত গুৰুতৰভাৱে আঘাত পায় । যুৱকজনক প্ৰাথমিক চিকিৎসাৰ অন্তত সংকটজনক অৱস্থাত ১০৮ এম্বুলেঞ্চৰ সেৱাৰে ধূপধৰাৰ বিকালী আদৰ্শ চিকিৎসালয়ৰ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে যদিও আদবাটতে যুৱকজনৰ মৃত্যু হয় ।

লগতে পঢ়ক:Crime news of Barpeta:কলগাছিয়াত আৰক্ষীৰ জালত কুখ্যাত তীৰ মাফিয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.