Suspected Murder : যুৱকক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ সন্দেহ, গোপন অংগত আঘাতৰ চিন

By

Published : Jun 6, 2023, 5:34 PM IST

thumbnail

বৰপেটা, ৬ জুন : বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত ক্ষুদ্ৰ বামুনবড়ীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । ক্ষুদ্ৰ বামুনবড়ীৰ পথাৰৰ মাজৰ পুখুৰীৰ পাৰত থকা এডাল বগৰী গছত চিপ লোৱা অৱস্থাত মঙলবাৰে পুৱা উদ্ধাৰ হৈছে এটা মৃতদেহ (Suspected Murder case at Sarthebari)। উদ্ধাৰ হোৱা মৃতদেহটো ক্ষুদ্ৰ বামুনবড়ীৰ ২২ বছৰীয়া বিল্লাল আলীৰ বুলি জানিব পৰা গৈছে। যুৱকজনক হত্যা কৰি দুৰ্বৃত্তই আত্মহত্যাৰ ৰূপ দিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোকে। মৃতদেহটোৰ গোপন অংগত আঘাতৰ চিন স্পষ্ট হৈ থকাৰ কথাও উল্লেখ কৰে স্থানীয় লোকে (youth body recovered at Sarthebari)।  

ঘটনা সম্পৰ্কত উচিত তদন্ত কৰি হত্যাকাৰীক কৰায়ত্ত কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে স্থানীয় লোকে। চুলি কাটি জীৱন নিৰ্বাহ কৰা বিল্লাল আলী এগৰাকী ভদ্ৰ আৰু অমায়িক স্বভাৱৰ যুৱক আছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।  

খবৰ পোৱা মাত্ৰকেই ঘটনাস্থলীত মাজদিয়া আৰক্ষী উপস্থিত হয়। কাৰ্যবাহী দণ্ডাধীশ নিথী কলিতাই মৃতদেহটো পৰ্যবেক্ষণ কৰাৰ পাচত মাজদিয়া আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালয়লৈ প্ৰেৰণ কৰে।  

এতিয়া মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ফলাফলৰ পাচতহে জানিব পৰা যাব প্ৰকৃততে এয়া হত্যাকাণ্ড নে আত্মহত্যা? 

লগতে পঢ়ক: Attempt to murder case: সামান্য কথাতে শহুৰেকে দাৰে ঘপিয়ালে বোৱাৰীয়েকক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.