Womens Spiritual Workshop: মাজুলীত মহিলাৰ আধ্যাত্মিক কৰ্মশালাৰ শুভাৰম্ভ - Women Empowerment Scheme of AYUSH

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 12, 2023, 5:21 PM IST

মাজুলী,১২ মাৰ্চ: দেওবাৰে মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰত অনুষ্ঠিত কৰা হয় আয়ুসৰ মহিলা সৱলীকৰণ আঁচনিৰ(Women Empowerment Scheme of AYUSH) অন্তৰ্গত মহিলাৰ আধ্যাত্মিক কৰ্মশালাৰ শুভাৰম্ভ অনুষ্ঠান । সত্ৰৰ বৈষ্ণৱসকলৰ দ্বাৰা পুৱা উষা-কীৰ্ত্তনৰ পাচত আয়তীসকলৰ সত্ৰত প্ৰৱেশ আৰু ধৰ্ম ধ্বজা উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননী গোপাল দেৱ গোস্বামীয়ে(Womens Spiritual Workshop inaugurated in Majuli) । 

১০০৮ গৰাকী মহিলাৰ দ্বাৰা ব্ৰহ্মপুত্ৰৰ জল আহৰণৰে শুভাৰম্ভ হয় 'আয়ুস'ৰ মহিলা সৱলীকৰণৰ বৰ্ষৰ কাৰ্যসূচীৰ(Women Empowerment Year of AYUSH) । এই কাৰ্যসূচী উদ্বোধন কৰে মাজুলী জিলা মহিলা সমিতিৰ সভানেত্ৰী  সুভদ্ৰা শইকীয়া বৰাই । বিয়লি ১২ বজাত পৱিত্ৰ জল একত্ৰিকৰণেৰে সমন্বয়ৰ সেঁতু নিৰ্মাণ কৰা হয় । দুপৰীয়া ১২-৩০ বজাত আহাৰ গ্ৰহণ আৰু ১ বজাত অনুষ্ঠিত কৰা হয় মুকলি সভা । 

দক্ষিণপাট সত্ৰত অনুষ্ঠিত সভাত উপস্থিত থাকে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় উপাচাৰ্য নিৰোদ বৰুৱা । উপাচাৰ্যগৰাকীয়ে সমৃদ্ধ ৰাষ্ট্ৰত গ্ৰাম্য মহিলাৰ ভূমিকা শীৰ্ষক বিষয়ৰ ওপৰত বক্তব্য প্ৰদান কৰে । পৰ্বত আৰোহী ধনমায়া ছেত্ৰীয়ে গ্ৰাম্য মহিলাৰ শাৰীৰিক আৰু মানসিক দৃঢ়তাৰ ক্ষেত্ৰত কৰণীয় বিষয়ৰ ওপৰত বক্তব্য প্ৰদান কৰে । উক্ত অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে মাজুলীৰ উপায়ুক্ত কাবেৰী বৰকটকী শৰ্মা । 

লগতে পঢ়ক: Routa encounter update : ডিম্বেশ্বৰ মুছাহাৰীৰ বাসগৃহত শোকাকুল পৰিৱেশ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.