Protest in Tinsukia: মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ দাবীত উত্তাল তিনিচুকীয়া - নাৰী মুক্তি সংগ্ৰাম সমিতি
🎬 Watch Now: Feature Video
Published : Sep 26, 2023, 3:24 PM IST
তিনিচুকীয়া, ২৬ ছেপ্তেম্বৰ: মঙলবাৰে তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত নাৰী মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত কেইবা শতাধিক মহিলাই সাব্যস্ত কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে মাইক্ৰ’ফাইনেন্স কোম্পানীৰ পৰা গ্ৰহণ কৰা ঋণ ৰেহাই দিয়া আৰু দুৰ্ভগীয়া মহিলাসকললৈ আদালতৰ চমন দিয়া বন্ধ কৰাৰ দাবী উত্থাপন কৰে ৷
উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক উমানন্দ মুদৈ মৰাণে কয় যে ২০২১ চনৰ নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ডাঙৰ সভা পাতি এই মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফ কৰি দিয়াৰ কথা ঘোষণা কৰিছিল ৷ কিন্তু এতিয়া চিভিল স্ক’ৰ ভাল, বেয়া নিৰ্ধাৰণ কৰি সেইসকল মহিলাক বিভক্ত কৰিছে ৷
গতিকে সেইসকল লোকক বিভক্ত কৰা বন্ধ কৰিবলৈ কেওঁ দাবী জনায় । অন্যথা ২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে যদি সেইসকল মহিলাৰ ঘৰলৈ বিজেপিৰ নেতা, পালিনেতা যায় তেন্তে উচিত প্ৰত্য়ুত্তৰ দিয়াৰ হুংকাৰ দিয়ে ৷
লগতে পঢ়ক:Karam Festival Celebration: মাদলৰ ছেৱে ছেৱে প্ৰথমবাৰলৈ ঝুমুৰ নাচিলে পীযুষ হাজৰীকাই