SBKF 8th international games: ডুবাইত অনুষ্ঠিত অষ্টম SBKF আন্তঃৰাষ্ট্ৰীয় গেমছত উজলিল দুই অসম কন্যা - Spark Miss India 2023

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 6, 2023, 8:32 AM IST

ডিফু, ৬ আগষ্ট : অসমবাসীৰ বাবে এক সু-খবৰ ৷  ইউনাইটেড আৰব এমিৰেটছৰ ডুবাইত অনুষ্ঠিত হোৱা SBKF আন্তঃৰাষ্ট্ৰীয় গেমছত উজলিল কাৰ্বি আংলঙৰ দুই মহিলা ক্ৰীড়াবিদ ৷ দুই খেলুৱৈ ক্ৰমে ডিফুৰ পখিলা ইংতিপী আৰু বকলীয়াঘাটৰ ৰত্না বাৰিক ৷ ডুবাই স্পৰ্টছ কাউঞ্চিলৰ উদ্যোগত অনুষ্ঠিত হোৱা এই SBKF আন্তঃৰাষ্ট্ৰীয় গেমছত ভাৰতীয় দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি ৬ টাকৈ সোণৰ পদক দখল কৰে খেলুৱৈ দুগৰাকীয়ে ৷

উল্লেখ্য যে, ১ আগষ্টৰ পৰা ৬ আগষ্টলৈ ডুবাইত অনুষ্ঠিত হৈছিল এই অষ্টম SBKF আন্তঃৰাষ্ট্ৰীয় গেমছ ২০২৩ ৷ এই গেমছৰ ৩৫ৰ শাখাত ২০০, ৪০০মিঃ দৌৰ আৰু ৩০০০ মিঃ খোজকঢ়াত সোণৰ পদক দখল কৰে পখিলা ইংতিপীয়ে ৷ আনহাতে ৩০ৰ  শাখাত ১০০ আৰু ২০০ মিঃ দৌৰ আৰু দীঘল জাপত সোণৰ পদক দখল কৰি ৰত্না বাৰিকে কাৰ্বি আংলঙলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে  ৷

ইফালে, ২০২৩ বৰ্ষৰ ‘‘স্পাৰ্ক মিচ ইণ্ডিয়া’’ৰ বিজয়ী মুকুট জিলিকিল আন ডিফুৰ কুমকুম ছেত্ৰীৰ শিৰত ৷ ডিফুৰ লুৰুলাংছৰ শংকৰ ছেত্ৰী আৰু দময়ন্তী দেৱীৰ কন্যা কুমকুম ছেত্ৰীয়ে মুকুট জয়ৰে জিলাখনৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ শুকুৰবাৰে নিশা ৰে’লেৰে আহি ডিফুত উপস্থিত হয় ‘‘স্পাৰ্ক মিচ ইণ্ডিয়া’’ কুমকুম ছেত্ৰী ৷ তাৰ পাচতেই কুমকুম ছেত্ৰীক ডিফু ৰে’ল ষ্টেচনৰ পৰা আদৰি অনা হয় লৰুলাংচৰ বাসগৃহলৈ ৷

স্পাৰ্কৰ উদ্যোগত গোৱাত অনুষ্ঠিত হৈছিল ২০২৩ বৰ্ষৰ স্পাৰ্ক মিচ ইণ্ডিয়া প্ৰতিযোগিতা ৷ ২৮ জুলাইৰ পৰা তিনিদিনীয়াকৈ অটিয়াম ৰিজৰ্টত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা সুন্দৰী প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাত অসমৰ হৈ যোগদান কৰি কুমকুম ছেত্ৰীয়ে আজুৰি আনিলে ২০২৩ বৰ্ষৰ এই 'স্পাৰ্ক মিচ ইণ্ডিয়া'ৰ মুকুট ৷

লগতে পঢ়ক : Lok Kalyan Divas: মৰিগাঁৱত লোক কল্যাণ দিৱস পালন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.