Illegal liquor distilleries demolished: চাবুৱাৰ টকোবাম গাঁৱত চুলাই ভাটি উচ্ছেদ অভিযান মহিলাৰ

By

Published : Jul 10, 2023, 4:32 PM IST

thumbnail

ডিব্ৰুগড়, 10 জুলাই: বিলাতী সুৰাৰ দাম বৃদ্ধি হোৱাৰ লগে লগেই এতিয়া চুলাই মদৰ প্ৰচলন ব্যাপক হাৰত বৃদ্ধি পাইছে ৰাজ্যৰ গাঁও সমূহত ৷ ইয়াৰ পাছতেই দিন হাজিৰা কৰি ঘৰখন পোহপাল দি থকা দৰিদ্ৰ লোক সকলৰ পৰিয়ালত আৰম্ভ হৈছে উশৃংখল পৰিবেশ ৷ আবকাৰী বিভাগ আৰু আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই ৰাজ্যৰ ঠায়ে ঠায়ে কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে অবৈধ চুলাই মদৰ ভাটি ৷  

শেষত দেওবাৰে ডিব্ৰুগড়ৰ চাবুৱাত চুলাই ভাটি উচ্ছেদ অভিযানত নামিল স্থানীয় মহিলাসকল ৷ আবকাৰী বিভাগে নোৱাৰা কাম কৰি দেখুৱালে মহিলাই ৷ চাবুৱাৰ টকোবাম আৰু নপাম গাঁৱৰ শতাধিক মহিলাই গাঁও দুখনত মদৰ ভাটিসমূহত উচ্ছেদ অভিযান আৰম্ভ কৰিছে ৷ স্থানীয় মহিলাসকলৰ গুৰুতৰ অভিযোগ, আৰক্ষী আৰু আৱকাৰী বিভাগক অভিযোগ দিয়াৰ পিছতো চুলাই মদৰ বেহা বন্ধ কৰিবলৈ সক্ষম নহ'ল সংশ্লিষ্ট কৰ্তৃপক্ষ ৷  

মদৰ ভাটিৰ পৰা আৰক্ষীয়ে কমিচন লোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মহিলাসকলে ৷ শেহতীয়াকৈ বিগত তিনিটা দিনত চাবুৱাৰ এই গাঁও সমূহত, অঞ্চলটোৰ মহিলাসকলে কেইবাটাও মদৰ ভাটি উচ্ছেদ কৰাৰ লগতে ৰাইজক চুলাই মদৰ বিৰুদ্ধে সজাগ কৰিবলৈ চেষ্টা কৰিছে ৷ 

লগতে পঢ়ক: Police officer caught taking bribe: উৎকোচ লৈ চাকৰি পৰা খেদা খালে আৰক্ষী উপ-পৰিদৰ্শক ধীৰাজ জ্যোতি নমঃশূদ্ৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.