Ram Prasad Sharma Comment on BJP: দলে ঘৰ শত্ৰু বিভীষণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ; আৰ পি শৰ্মা - নাৰায়ণপুৰত মহিলা কংগ্ৰেছৰ প্ৰশিক্ষণ শিৱিৰ সম্পন্ন
🎬 Watch Now: Feature Video


Published : Oct 9, 2023, 12:44 PM IST
বিহপুৰীয়া, 9 অক্টোবৰ : ‘‘বিভীষণ থাকিলে ঘৰ বৰ্বাদ হয়, দল বৰ্বাদ হয়, ৰাষ্ট্ৰ বৰ্বাদ হয় ৷ দলে ঘৰ শত্ৰু বিভীষণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে । এইবাৰ নিৰ্বাচনত কংগ্ৰেছ-বিজেপিৰ মাজত প্ৰতিদ্বন্দ্বিতা হোৱাতকৈ পুৰণা বিজেপি আৰু নতুন বিজেপিৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব ৷’’ দেওবাৰে নাৰায়ণপুৰত উপস্থিত হৈ এই মন্তব্য কৰে তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা বৰ্তমান অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি ৰামপ্ৰসাদ শৰ্মাই ।
উল্লেখ্য যে, দেওবাৰে নাৰায়ণপুৰৰ ৰাজীৱ ভৱনত লখিমপুৰ জিলা মহিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত নাৰায়ণপুৰ আৰু বিহপুৰীয়া ব্লক মহিলা কংগ্ৰেছ কমিতিৰ সহযোগত মহিলাসকলৰ মাজত অনুষ্ঠিত হয় এক প্ৰশিক্ষণ শিবিৰ । আগন্তুক সময়ত কংগ্ৰেছ দল শক্তিশালী কৰাৰ ক্ষেত্ৰত মহিলাসকলে কি দৰে সহযোগিতা আগবঢ়াব বা কি দৰে নেতৃত্ব দিব লাগে এই বিষয়ে বিশদভাৱে এই কৰ্মশালাত আলোচনা কৰা হয় ৷