Woman missing in Barpeta: কলগাছিয়াৰ টাপাজুলিত বোৱাৰী নিৰুদ্দেশ - Allegation of murder of woman in Kalgasia

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 7, 2023, 2:24 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

জনীয়া,৭ ফেব্ৰুৱাৰী: বৰপেটা জিলাৰ কলগাছিয়াৰ টাপাজুলি গাঁৱত যোৱা এসপ্তাহ ধৰি এগৰাকী বোৱাৰী নিৰুদ্দেশ হৈ আছে (Woman missing in Kalgasia)। ইতিমধ্য়ে এই নিৰুদ্দেশ সন্দৰ্ভত কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে । স্বামীৰ পৰিয়ালে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে বোৱাৰীগৰাকীৰ পিতৃ পৰিয়ালে । ইপিনে,নিজ কন্যাক বিচাৰি কান্দোনত ভাঙি পৰিছে দুৰ্ভগীয়া মাতৃয়ে ।

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত টাপাজুলি গাঁৱৰ কাবেল উদ্দিনৰ পত্নী ছুমাইয়া পাৰবিন যোৱা ৩০ জানুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছে । উল্লেখযোগ্য যে কলগাছিয়াৰ প্ৰয়াত নজৰুল হকৰ কন্যা ছুমাইয়া পাৰবিনৰ তিনি মাহ পূৰ্বে টাপাজুলি গাঁৱৰ আলী হুছেইনৰ পুত্ৰ কাবেল উদ্দিনৰ লগত সামাজিক ৰীতি -নীতি অনুসৰি বিবাহ সম্পন্ন হৈছিল । কিন্তু বিবাহৰ পিছৰে পৰাই স্বামী পৰিয়ালে যৌতুকৰ দাবী কৰি বোৱাৰীগৰাকীৰ ওপৰত অত্য়াচাৰ চলাবলৈ আৰম্ভ কৰে । স্বামী কাবেল উদ্দিন, শহুৰ আলী হুছেইন আৰু শাহু ৰহিমা খাতুনে যৌতুকৰ দাবীত বিভিন্ন সময়ত শাৰীৰিক আৰু মানসিকভাৱে বোৱাৰীগৰাকীৰ ওপৰত অত্যাচাৰ চলাই আহিছিল বুলি অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীৰ পিতৃ পৰিয়ালে ।  

বিবাহৰ পিছৰে পৰাই স্বামী পৰিয়ালে যৌতুকৰ দাবী কৰি চলোৱা অত্য়াচাৰ সহ্য় কৰিব নোৱাৰি অৱশেষত বোৱাৰী গৰাকীয়েৰ নিজৰ মাতৃৰ ঘৰত আশ্ৰয় লৈছিল (Dowry demand in Kalgasia) । কিন্তু কিছুদিন পিছত যোৱা ২৯ জানুৱাৰীত শহুৰেকৰ পৰিয়ালৰ লোকে আহি চলাহি কথাৰে ভুলাই ছুমাইয়া পাৰবিনক স্বামী গৃহলৈ লৈ যায় । ইপিনে, স্বামী গৃহৰ পৰা বোৱাৰীগৰাকী হঠাৎ ৩০ জানুৱাৰীৰ পৰা নিৰুদ্দেশ হয় (Allegation of murder of woman in Kalgasia)। মাতৃয়ে কন্য়াৰ বিষয়ে সুধিলে স্বামী পৰিয়ালে উত্তৰ দিয়াৰ পৰিৱৰ্তে বিভিন্ন প্ৰকাৰে ভাবুকি দিয়া বুলি অভিযোগ উত্থাপন কৰিছে ছুমাইয়া পাৰবিনৰ মাতৃয়ে ।  

কিন্তু মাতৃয়ে ইমানদিনে সকলো আত্মীয় স্বজনৰ ঘৰত বিচাৰি নাপাই অৱশেষত নিৰুদ্দেশ সন্দৰ্ভত কলগাছিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে (Case registered in Kalgasia police station)। যৌতুক দিব নোৱাৰা বাবে শহুৰেকৰ পৰিয়ালৰ লোকে ছুমাইয়া পাৰবিনক হত্যা কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে নিৰুদ্দেশ হোৱা কন্যাগৰাকীৰ মাতৃয়ে । সেয়ে নিজ কন্যাক বিচাৰি কান্দোনত ভাঙি পৰিছে মাতৃয়ে ।

লগতে পঢ়ক;MP Fund Scam: সাংসদ পুঁজিৰ আঁচনি ৰূপায়ণত হোৱা অনিয়মৰ তদন্ত কৰিবলৈ ৰঙিয়াত চি এম ভিজিলেঞ্চৰ দল

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.