Woman e rickshaw drive : মাজুলীৰ ৰাজপথত ই ৰিক্সা চলাই পৰিয়াল পোহপাল দিছে 50 বছৰীয়া নিৰু ভূঞাই

By

Published : Jun 19, 2023, 1:17 PM IST

thumbnail

মাজুলী, 19 জুন : মাজুলীৰ ৰাজপথত ঘূৰি ফুৰিছে এখন ই-ৰিক্সা ৷ এই ই-ৰিক্সাখন এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বিভিন্নজনৰ বাবে । কিয়নো ই-ৰিক্সাখনৰ চালকৰ আসনত আছে এগৰাকী মহিলা । মহিলাগৰাকীৰ নাম নিৰু ভূঞা ৷ দীৰ্ঘদিন ধৰি ই-ৰিক্সা চলাই পৰিয়াল পোহ-পাল দিয়াৰ লগতে ৰুগীয়া স্বামীৰো চিকিৎসাৰ ব্যৱস্থা কৰি আহিছে আহিছে মাজুলীৰ জালুকবাৰী গাঁৱৰ 50 বছৰীয়া নিৰু ভূঞাই ।

বিগত কিছু বছৰলৈকে জালুকবাৰী গাঁৱৰ নিৰু ভূঞাৰ পৰিয়ালটো অতি সুখৰ আছিল ৷ কিন্তু হঠাৎ যেন এই পৰিয়ালটোলৈ আহিল কাল ধুমুহা ৷ এক দুৰ্ঘটনাত পতিত হৈ নিৰু ভূঞাৰ একমাত্ৰ উপাৰ্জনকাৰী পুত্ৰৰ মৃত্যু হ’ল ৷ তাৰ পাচতে বিয়াও দিয়া তেওঁলোকৰ একমাত্ৰ ছোৱালীজনীক ৷

পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী পুত্ৰৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ পাচতে এখন ই-ৰিক্সাই এতিয়া শেষ ভৰষা হৈ পৰিছে পৰিয়ালটোৰ ৷ নিজৰ খেতি মাটি ডৰা বিক্ৰী কৰি এখন ই ৰিক্সা কিনিয়ে সেইখন নিৰু ভূঞাই পৰিয়াল পোহপাল দি আহিছে ৷ নিৰু ভূঞাৰ এই পদক্ষেপ সমাজৰ বাবে বৰ্তমান এক আদৰ্শ স্বৰূপ হৈ পৰিছে ৷

লগতে পঢ়ক : Bhaona organized by health worker : টিংখাঙত চিকিৎসা কৰ্মীৰ দ্বাৰা আয়োজিত হ’ল ভাওনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.