ETV Bharat / state

অসম সাহিত্য সভাৰ অধিৱেশনত থাকিব ৮৭ বৰ্গফুটৰ এটা জাপি - ASOM SAHITYA SABHA

অসম সাহিত্য সভাৰ অধিৱেশনৰ প্ৰস্তুতি তুংগত । এইবাৰ সাহিত্য সভাৰ কাৰ্যসূচী কি ? কি কি আকৰ্ষণীয় অনুষ্ঠান ৰাখিছে আয়োজক সমিতিয়ে ?

Press conference on preparations for Assam Sahitya Sabha session
অসম সাহিত্য সভাৰ অধিৱেশনৰ প্ৰস্তুতি তুংগত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 22, 2025, 8:19 PM IST

গুৱাহাটী: অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশনৰ প্ৰস্তুতি তুংগত উঠিছে । ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অসম সাহিত্য সভা অধিবেশন অনুষ্ঠিত হ'ব । এই কথা সদৰী কৰে অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা অধিৱেশনৰ প্ৰচাৰ উপ-সমিতিয়ে ।

বুধবাৰে অসম সাহিত্য সভাৰ গুৱাহাটীৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি প্ৰচাৰ উপ-সমিতিৰ সভাপতি ড৹ মনোৰঞ্জন দাসে কয়, "৩১ জানুৱাৰীৰ পুৱা ৮:৩০ বজাত নামঘৰৰ দ্বাৰ মুকলি হোৱাৰ লগতে ৯ বজাত ভট্টদেৱ ক্ষেত্ৰ আৰু মূল তোৰণ উদ্বোধন কৰাৰ পিছতেই বিজ্ঞানমেলা, গ্ৰন্থ মেলা, প্ৰদৰ্শনী, বজালীহাট উদঘাটন কৰা হ'ব । তদুপৰি সেইদিনা অন্যান্য কাৰ্যসূচীৰ লগতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব ।"

অসম সাহিত্য সভাৰ অধিৱেশনৰ প্ৰস্তুতি তুংগত (ETV Bharat Assam)

তেওঁ লগতে জনাই, "পহিলা ফেব্ৰুৱাৰীত পুৱা সাহিত্য সভাৰ পতাকা উত্তোলন কৰাৰ পিছতেই অন্যান্য কাৰ্যসূচী থাকিব । ২ ফেব্ৰুৱাৰীত অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতিক লৈ শোভাযাত্ৰা কৰা হ'ব । এই শোভাযাত্ৰা গীতাশ্ৰমৰ পৰা আৰম্ভ হৈ ভট্টদেৱ ক্ষেত্ৰত সামৰণি পৰিব । এই শোভাযাত্ৰাত ২০-২৫ হাজাৰ লোকৰ সমাগম হ'ব বুলি আশা কৰা হৈছে ।"

লগতে সভাপতি দাসে কয়, "তদুপৰি সাহিত্য সভা অধিৱেশনত ৮৭ বৰ্গফুটৰ এটা জাপি প্ৰদৰ্শন কৰা হ'ব । এই জাপিটো লিমকা বুক অফ ৰেকৰ্ডত (Limca Book of Records ) স্থান পাব । ইয়াৰোপৰি সাহিত্য সভাৰ অধিৱেশনত পুতলা নাচ, জুনা নাম, বীৰ নাম , নাগাৰা নাম, ওজাপালি আদিকে ধৰি আলোচনা চক্ৰ আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব । ৭-১০ কোটি টকাৰ বাজেটেৰে আয়োজন কৰা এইবাৰ সাহিত্য সভাত ৬ খন মঞ্চ থাকিব ।"

লগতে উদ্যোক্তাসকলে জনাই যে এইবাৰ সাহিত্য সভাৰ স্থলীত ১০ হাজাৰ মানুহে একেলগে খাদ্য গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে । অধিৱেশনত তিনিখন ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰদৰ্শন হ'ব । অধিৱেশনত এইবাৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজ্ঞান মেলাত নেপাল, ভূটান, অৰুণাচলকে ধৰি চুবুৰীয়া ৰাজ্য ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিব । বিজ্ঞান মেলা প্ৰতিৰক্ষা বিভাগৰ বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰা হ'ব ।

লগতে পঢ়ক: বিতৰ্কত অসম সাহিত্য সভা : পুনৰ ভোটগণনাৰ আহ্বান সভাপতি পদৰ প্ৰাৰ্থী উপেন ৰাভা হাকাচামৰ - ASOM SAHITYA SABHA

অসম সাহিত্য সভা দুৰ্নীতি শূন্য হ'ব : ড৹ বসন্ত কুমাৰ গোস্বামী - ASAM SAHITYA SABHA PRESIDENT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.