Woman Body Recovered : টিংখাঙত সন্ধানহীন মহিলাৰ মৃতদেহ উদ্ধাৰ - sensational murder case in Moran
🎬 Watch Now: Feature Video

মৰাণ, ২৭ জানুৱাৰী : টিংখাঙত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য (woman dead body recovered in Tingkhang Moran) । ৰাজগড় আৰক্ষী চকীৰ অন্তৰ্গত ৰাজগড়-কেন্দুগুৰি পথৰ এটা কালভাৰ্টৰ তলত খেৰেৰে ঢাকি থোৱা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো (sensational murder case in Moran) । উৱলি যোৱা মৃতদেহটো লংবৈ চাহ বাগিচাৰ ৩০ নং ম'হখোৱা গাঁৱৰ প্ৰেমী মূড়াৰ ( ৪৫ ) বুলি চিনাক্ত কৰা হৈছে । উল্লেখ্য, পুষ্প মূড়াৰ পত্নী প্ৰেমি মূড়া প্ৰায় ১৩ দিন পূৰ্বৰে পৰা সন্ধানহীন হৈ আছিল ।
মৃতদেহ উদ্ধাৰৰ তথ্য লাভ কৰাৰ পিছত ৰাজগড় আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় (deadbody of woman recovered at culvurt) । তাৰ পিছত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । ইফালে মৃতদেহটো প্ৰত্যক্ষ কৰি ই এক হত্যাকাণ্ড বুলি নিশ্চিত হৈছে আৰক্ষী । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে অৱশ্যে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই । আনহাতে, ঘটনা সন্দৰ্ভত চক্ৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, ই এক হত্যাকাণ্ড ।
অৱশ্যে যদিও মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ মহিলাগৰাকীৰ স্বামীয়ে আৰক্ষীক দিছে, কিন্তু সন্ধানহীন হোৱাৰ খবৰ আৰক্ষীক ইমানদিনে নজনোৱা বিষয়টোৱে সমগ্ৰ বিষয়টো ৰহস্যজনক কৰি তুলিছে । এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰা বুলিও জানিবলৈ দিছে । আনহাতে, তদন্তৰ পাছতহে সকলো কথা পোহৰলৈ আহিব বুলি আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰে ।
ইফালে মৃতদেহটো উদ্ধাৰক লৈ স্থানীয় ৰাইজৰ মাজতো সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । আনহাতে, মাঘ বিহুৰ পৰায়ে সন্ধানহীন হৈ থকা পত্নীৰ বিষয়ে স্বামী পুষ্প মূড়াই আৰক্ষীক কিয় জনোৱা নাছিল তাকে লৈও এক সন্দেহৰ সৃষ্টি হৈছে । পাৰিবাৰিক কন্দলৰ বাবে প্ৰেমী মূড়াই আত্মহত্যা কৰিলে নে তেওঁক হত্যা কৰি পেলাই যোৱা হ'ল এনে বিষয়বোৰৰ ওপৰতো প্ৰশ্ন উঠিছে । আনহাতে, এইটোও চৰ্চা চলিছে যে প্ৰেমী মূড়াক কোনোৱে ধৰ্ষণ কৰি হত্যা কৰিছে নেকি ? অৱশ্যে এই সকলোবোৰ কথা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্তৰ পিছতহে পৰিষ্কাৰ হ'ব ।