পথৰ কাষত যুৱতীৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ, দলবদ্ধ ধৰ্ষণৰ সন্দেহ - ধিং আৰক্ষী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/17-11-2023/640-480-20043637-thumbnail-16x9-barpeta.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 17, 2023, 10:25 AM IST
নগাঁও, 17 নৱেম্বৰ : নগাঁও জিলাৰ ধূপগুৰিত চাঞ্চল্যকৰ ঘটনা। শুকুৰবাৰ অৰ্থাৎ 17 নৱেম্বৰৰ পুৱাই নগাঁৱৰ ধিং আৰক্ষী থানাৰ অধীনৰ ধূপগুৰিত পথ কাষতে তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । বৃহস্পতিবাৰে সন্ধিয়া ঘৰৰ কোঠাৰ পৰা ওলাই শৌচালয়লৈ যোৱাৰ পিচৰ পৰাই নিৰুদ্দেশ হৈ আছিল যুৱতীগৰাকী ।
নিশাৰ পৰাই যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে যুৱতীগৰাকীক বিচাৰ খোচাৰ কৰিছিল যদিও কোনো সম্ভেদ পোৱা নাছিল । তাৰ পিচতেই শুকুৰবাৰে পুৱাই ধূপগুৰি কলনী বস্তিৰ নগাওঁ ধিং সংযোগী গড়কাপ্তানী পথৰ দাঁতিত প্ৰত্যক্ষ কৰে এগৰাকী যুৱতীৰ মৃতদেহ। ইয়াৰ পিচতেই যুৱতীগৰাকীৰ মৃতহেটো বৃহস্পতিবাৰৰ সন্ধিয়াৰ পৰা সন্ধানহীন হৈ থকা ধূপগুৰিৰ যুৱতীগৰাকীৰ বুলি চিনাক্ত কৰা হয়।
যুৱতীগৰাকীক কোনো দুৰ্বৃত্তৰ দলে দলৱদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰাৰো সন্দেহ প্ৰকাশ কৰিছে একাংশই। এই ঘটনাৰ খবৰ পাই ধিং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে এটা মোবাইল ফোনো উদ্ধাৰ কৰিছে ।
ইতিমধ্যে ধিং আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে ৷
লগতে পঢ়ক: ঘৰলৈ ওভতাৰ পৰতে যুৱতীৰ গালৈ এচিড নিক্ষেপ, তদন্ত আৰম্ভ