thumbnail

Ganja seized in Nazira: শিমলুগুৰিত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক মহিলা

By

Published : Jul 2, 2022, 7:57 AM IST

Updated : Feb 3, 2023, 8:24 PM IST

ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰ অভিযান চলাই থকাৰ মাজতে শিমলুগুৰিৰ নাজিৰাত বৃহৎ পৰিমানৰ গাঞ্জা উদ্ধাৰ কৰা হয় (Ganza seized at Simaluguri)৷ শিমলুগুৰি মণিপুৰী গাঁৱৰ ৰাজুমণি দেৱী নামৰ এগৰাকী মহিলাৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হয় গাঞ্জাখিনি ৷ এক গোপন সূত্ৰৰ পম খেদি নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ নেতৃত্বত যোৱা নাজিৰা আৰু শিমলুগুৰি আৰক্ষীৰ এটা দলে চলাইছিল এই অভিযান ৷ দীৰ্ঘদিন ধৰি নিজৰ গেলামালৰ দোকানৰ পৰাই সৰু সৰু পেকেট কৰি মহিলাগৰাকীয়ে গাঞ্জাৰ বেপাৰ চলাই আহিছিল বুলি অভিযোগ উত্থাপিত হৈ আহিছিল (Lady ganja smuggler arrested)৷ অভিযানত আৰক্ষীয়ে ৰাজুমনিৰ বাসগৃহৰ পৰা 1.3 কিলোগ্ৰাম গাঞ্জা জব্দ কৰে ৷ লগতে ৰাজুমণি দেৱী নামৰ সৰবৰাহকাৰীগৰাকীকো গ্ৰেপ্তাৰ কৰে (Woman arrested with large quantity of ganja) ৷
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.