ETV Bharat / state

লোকমান্য তিলক এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত হোৱাৰ প্ৰকৃত কাৰণসমূহ কি ?

Train Accident in Assam: কেনেকৈ ৰে’ল লাইনৰ পৰা আঁতৰি গ’ল লোকমান্য তিলক এক্সপ্ৰেছ ? প্ৰকৃততে ভুলটো কাৰ ?

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Train Accident in Assam
আকৌ এবাৰ ৰে’ল দুৰ্ঘটনা (ETV Bharat Assam)

হাফলং, 18 অক্টোবৰ : আকৌ এটা ৰে’ল দুৰ্ঘটনা, এইবাৰ এই ৰে’ল দুৰ্ঘটনা সংঘটিত হ’ল অসমৰ পাহাৰীয়া জিলা ডিমা হাছাওত । কিন্তু কেনেকৈ সংঘটিত হ’বলৈ পালে এই দুৰ্ঘটনাটো, সেই লৈ বিভিন্নজনৰ মনত উদয় হৈছে বহু প্ৰশ্নৰ ৷

প্ৰশ্ন হৈছে, সাধাৰণতে শিলচৰ-লামডিং পাহাৰ লাইনত ৰে’লৰ গতিবেগ কম থাকে ৷ এনে অৱস্থাত কেনেকৈ ৰে’ল লাইনৰ পৰা আঁতৰি গ’ল আগৰতলা আৰু মুম্বাইৰ ছত্ৰপতি শিবাজী টাৰ্মিনেলৰ মাজত চলাচল কৰা লোকমান্য তিলক এক্সপ্ৰেছ ?

উল্লেখ্য যে, বৃহস্পতিবাৰে বিয়লি ডিমা হাছাও জিলাৰ দিবালং ৰে’ল ষ্টেচনৰ ক্ৰছিং পইন্টত লোকমান্য তিলক এক্সপ্ৰেছ ৰে’লৰ ইঞ্জিনসহ সাতটা ডবা আৰু এখন পাওৱাৰ ভেন লাইনচ্যুত হয় ৷ ইয়াৰ ফলতে লামডিং শিলচৰ পাহাৰ লাইনত ৰে’লৰ চলাচল বন্ধ হৈ পৰে ।

অৱশ্যে তথ্য মতে, এই ৰে’ল দুৰ্ঘটনাৰ ফলত কোনো লোক আহত বা নিহত হোৱাৰ বাতৰি এতিয়ালৈকে অহা নাই ৷ তথাপিও কাৰ ভুলৰ বাবে এনে দুৰ্ঘটনা সংগঠিত হ’ল সেয়া লৈ অনুসন্ধান আৰম্ভ কৰিছে উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই । ৰে’ল দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতে ৰে’লৰ উচ্চ বিষয়াসকল দুৰ্ঘটনা স্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : অভিলাষী ‘কৱচ’ প্ৰযুক্তিয়ে কিয় ৰক্ষা কৰিব নোৱাৰিলে বাগমতী এক্সপ্ৰেছক ?

লগতে পঢ়ক : বাগমতী এক্সপ্ৰেছ ৰে'ল দুৰ্ঘটনা : বালাচোৰ দুৰ্ঘটনাৰ দৰেই আছিল নেকি কাভাৰাপ্পেট্টাই ৰে'ল দুৰ্ঘটনা ?

শেহতীয়া তথ্য মতে, উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই কেবাখনো ৰে’লৰ যাত্ৰা বাতিল কৰিছে ৷ লগতে কেবৈখনো ৰে’লৰ সময় সাল-কৰিছে ৷ সেয়া তলত উল্লেখ কৰা হ’ল-

  1. 14619 আগৰতলা ফিৰজপুৰ কেন্ট এক্সপ্ৰেছ ৰেলগাড়ীখনৰ যাত্ৰা বদৰপুৰৰ পৰা বাতিল
  2. 13174 চাভৰুম-শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ যাত্ৰা মাইবাঙৰ পৰা শিয়ালদহলৈকে বাতিল
  3. 15618 দুল্লভছড়া-গুৱাহাটী এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ যাত্ৰা নিউহাফলঙৰ পৰা বাতিল
  4. 15611/15612 ৰঙিয়া শিলচৰ ৰঙিয়া এক্সপ্ৰেছ ৰে’লগাড়ীৰ যাত্ৰা (17 অক্টোবৰ) বাতিল
  5. 18 অক্টোবৰত 15616/15615 শিলচৰ গুৱাহাটী শিলচৰ এক্সপ্ৰেছ ৰে’লগাড়ীৰ যাত্ৰা বাতিল

উক্ত ৰে’লকেইখনৰ যাত্ৰা বাতিল কৰাৰ লগতে 12508 শিলচৰ টিভিচি এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ যাত্ৰাৰ সময় সলনি কৰি 17 অক্টোবৰৰ পৰিৱৰ্তে 18 অক্টোবৰ সন্ধিয়া 6 বজাত নিৰ্ধাৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ডিমা হাছাওত দুৰ্ঘটনাত পতিত আগৰতলা-লোকমান্য তিলক এক্সপ্ৰেছ

লগতে পঢ়ক : ৰে'লৱে টিকটৰ সংৰক্ষণৰ ম্যাদ হ্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.