Ex NDFB cases withdrawn : প্ৰাক্তন এনডিএফবিৰ গোচৰ প্ৰত্যাহাৰৰ কাম আৰম্ভ - প্ৰাক্তন এনডিএফবিৰ গোচৰ প্ৰত্যাহাৰৰ কাম আৰম্ভ
🎬 Watch Now: Feature Video

চিৰাং,১১ ফেব্ৰুৱাৰী : পুনৰ বিটিআৰ চুক্তিৰ প্ৰসংগ (BTR agreement)। বিটিআৰ চুক্তি ৰূপায়ণৰ অংশ হিচাপে প্ৰাক্তন এনডিএফবি সদস্যসকলৰ গোচৰসমূহ উঠাই লোৱাৰ কাম আৰম্ভ কৰিছে চৰকাৰে (Withdrawal of cases of former NDFB members begins)। এই সন্দৰ্ভত বিটিআৰৰ কাৰ্যবাহী সদস্য তথা প্ৰাক্তন এনডিএফবি সদস্য ৰঞ্জিত বসুমতাৰী ওৰফে বি আৰ ফেৰংগাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বিটিআৰ তথা অসমৰ বিভিন্ন ঠাইত প্ৰাক্তন এনডিএফবি সদস্যসকলৰ ২৬৮ গৰাকীৰ বিৰুদ্ধে মুঠ ২০৪ টা সাধাৰণ গোচৰ আছিল ।
সেই গোচৰসমূহত সংগঠনটোৰ সভাপতি আৰু সম্পাদকৰ নামো সাঙোৰ খাই আছে । গোচৰসমূহৰ ভিতৰত একাংশ গোচৰক কঠোৰ আৰু আন একাংশক সাধাৰণ গোচৰ হিচাপে ভাগ কৰা হৈছিল । ইতিমধ্যে চৰকাৰে সাধাৰণ গোচৰসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰিছে বুলি উল্লেখ কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে (BTR EM reacts over ex NDFB cases withdrawal)। তেওঁ উল্লেখ কৰা মতে বিটিআৰ চৰকাৰৰ অনুৰোধমৰ্মে অসম চৰকাৰে এই ব্যৱস্থ হাতত লৈছে ।
অসমৰ বাহিৰত থকা গোচৰসমূহক লৈ প্ৰায় ২০১৮ টা গোচৰ থকা বুলি উল্লেখ কৰে বিটিআৰৰ কাৰ্যবাহী সদস্যগৰাকীয়ে । তেওঁ উল্লেখ কৰা মতে ভাৰতৰ বাহিৰতো এনডিএফবি সদস্যৰ বিৰুদ্ধে বহু গোচৰ আছে ।
লক্ষণীয়ভাৱে বিভিন্ন সময়ত প্ৰাক্তন এনডিএফবি সদস্যসকলে চৰকাৰৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰি আহিছে । চৰকাৰে সংস্থাপন প্ৰদান কৰাকে ধৰি দিয়া বিভিন্ন প্ৰতিশ্ৰুতি পূৰণত চৰকাৰ ব্যৰ্থ হৈছে বুলিও তেওঁলোক অভিযোগ কৰি আহিছে । অৱশ্যে ইয়াৰ মাজতে তেওঁলোকৰ বিৰুদ্ধে থকা সাধাৰণ গোচৰসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰাৰ লগে লগে বিদ্ৰোহী সংগঠনটোৰ প্ৰাক্তন সদস্যসকলৰ মুখত হাঁহি বিৰিঙিছে ।
উল্লেখযোগ্য যে, ২০২০ চনত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ লগত বড়ো চুক্তি (Bodo Accord) স্বাক্ষৰ হৈছিল ৷ সেই চুক্তিত উল্লেখ থকা মতে, এনডিএফবিৰ পৰা আত্মসমৰ্পণ কৰা প্ৰায় ১৫০০ সদস্যই চৰকাৰৰ অধীনত সংস্থাপন লাভ কৰিব । লগতে বড়ো আন্দোলন (Bodo agitation)ত মৃত্যু হোৱা সকলৰ পৰিয়ালক চৰকাৰে আৰ্থিক সাহাৰ্য প্ৰদান কৰিব ।
এই চুক্তিখনৰ বাবেই বড়ো ভূমিত প্ৰমোদ বড়োৰ নেতৃত্বত নতুন পৰিষদ গঠন হোৱাৰ লগতে, বিধানসভা নিৰ্বাচনতো বিজেপিয়ে চৰকাৰ গঠন কৰাত যথেষ্ট সুবিধা লাভ কৰিছিল ৷
লগতে পঢ়ক :Assam Anti CAA Protest: আকৌ কাৰাগাৰালৈ যাবলৈ সাজু বিধায়ক অখিল গগৈ