উইংচ অৱ্ হাজৰিকাৰ বাবে জখলাবন্ধাত যানজঁট - হৰিপ্ৰসন্ন হাজৰিকা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 7:39 PM IST

কলিয়াবৰ, 8 জানুৱাৰী : বহু বাধা-বিঘিনি নেওচি উইংচ অৱ হাজৰিকা উপস্থিত হ’ল কলিয়াবৰত ৷ শিৱসাগৰৰ ব্যৱসায়ী হৰিপ্ৰসন্ন হাজৰিকাই ৰেষ্টোৰাঁ নিৰ্মাণৰ বাবে মুম্বাইৰ পৰা শিৱসাগৰলৈ পথেৰে কঢ়িয়াই অনা উৰাজাহাজখন কলিয়াবৰত আজি উপস্থিত হয় । উৰাজাহাজখন চাবলৈ ৰাষ্টাৰ দুয়োকাষে সমবেত হয় শত-সহস্ৰ লোক । যেন এক উৎসৱমুখৰ পৰিৱেশ । পিছে জখলাবন্ধাত ৰে’লপথত থকা লেভেল ক্ৰচিঙে লগালে জঞ্জাল ।

লেভেল ক্ৰচিং পাৰ কৰিবলৈ আইৰণ বাৰ আঁতৰাবলৈ লাগিব সময় । সেয়ে উৰাজাহাজখন জখলাবন্ধা বাণিজ্যিক কেন্দ্ৰৰ মাজ-মজিয়াতে ৰাখিব লগা হ’ল । ৰে’ল বিভাগে আইৰণ বাৰ আঁতৰ নকৰালৈকে জখলাবন্ধাতে ৰাখিব লাগিব উৰাজাহাজখন । সেই সুযোগতে বৰ্তমান হাজাৰ-হাজাৰ লোকে জাহাজখন এবাৰ ওচৰৰ পৰা চাবলৈ ভিৰ কৰিছেহি । বাহনৰ চলাচলত সৃষ্টি হোৱা বাধাৰ ফলস্বৰূপে ৩৭ নং ৰাষ্ট্ৰীয় পথত যানজঁট ।

লগতে পঢ়ক : শিৱসাগৰত উত্তৰ-পূবৰ প্ৰথমখন বিমান ৰেষ্টোৰাঁ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.