Wild elephnat menace: জোনাইৰ শিৱগুৰিত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ - wild elephnat menace at jonai

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 6, 2023, 8:54 PM IST

জোনাই, ৬ মে’ : জোনাই মহকুমাৰ কবু শিৱগুৰিত পুনৰ বন্যহস্তীয়ে আতংকৰ সৃষ্টি কৰিছে । শুকুৰবাৰৰ নিশা বন্যহস্তীয়ে উক্ত অঞ্চলত ভাঙিলে এটা পৰিয়ালৰ ভঁৰাল । জানিব পৰা মতে সুৰকে বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীয়ে বিভিন্ন সময়ত বনাঞ্চলখনৰ দাতিকাষৰীয়া গাঁৱসমূহত সময়ে সময়ে উপদ্ৰৱ চলাই ৷ শুকুৰবাৰে নিশাও একে ঘটনাই সংঘটিত হ’ল ৷ কবু শিৱগুৰি গাঁৱৰ বাবাং ৰেগন নামৰ এজন ব্যক্তিৰ ভঁৰাল ভাঙি ধান খাই তহিলং কৰিলে এটা বনৰীয়া হাতীয়ে (Wild elephnat menace) ৷

উল্লেখ্য যে বিগত কেইবামাহ ধৰি সুৰকে বনাঞ্চলৰ পৰা বিভিন্ন দাঁতিকাষৰীয়া অঞ্চলত বন্যহস্তীয়ে ধাৰাবাহিকভাৱে তাণ্ডৱ চলাই আহিছে (wild elephnat menace at Jonai)। এইক্ষেত্ৰত ৰাইজক সুৰক্ষা দিবলৈ জোনাই বন বিভাগক দাবী জনাইছে ৰাইজে ৷

লগতে পঢ়ক : যৌন নির্যাতনৰ বলি শিশুৰ পৰিচয় প্রকাশৰ বিৰুদ্ধে আৰক্ষীৰ সতর্কতা জাৰি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.