Wild Elephant Terror: গেৰধৰা ধাননিত বন্যহস্তীৰ জাকৰ উপদ্ৰৱ - হেলেমৰ কুৰুৱাবস্তী
🎬 Watch Now: Feature Video
Published : Sep 24, 2023, 2:27 PM IST
বিশ্বনাথ, 24 ছেপ্টেম্বৰ : গহপুৰৰ হেলেমৰ বিভিন্ন স্থানত বন্যহস্তীৰ উপদ্ৰৱ । 40-50 জনীয়া বনৰীয়া হাতীৰ জাকে অনিষ্ট কৰিছে গেৰধৰা ধাননি পথাৰ ৷ শনিবাৰে নিশা হেলেমৰ কুৰুৱাবস্তি, কুৰুৱা পথাৰ, আৰিভংগাত 40-50 জনীয়া এটা বনৰীয়া হাতীৰ জাকে চলালে উপদ্ৰৱ । কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকে ধান খোৱাৰ লগতে গছকি তহিলং কৰে ৷
আনহাতে দীৰ্ঘদিন ধৰি কুৰুৱা পথাৰ অঞ্চলত এটি বন শিবিৰ নিৰ্মাণ কৰি বনৰীয়া হাতীৰ পৰা ৰাইজক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে বাৰে বাৰে আহ্বান কৰি আহিছে ৰাইজে ৷ কিন্তু এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়ে বন বিভাগে ৷ ফলত মূৰৰ ঘাম মাটিত পেলাই কৃষকে কৰা খেতিডৰা অনিষ্ট কাৰৰ লগতে বনৰীয়া হাতীৰ বাবে উজাগৰী নিশা কটাব লগা হৈছে স্থানীয় ৰাইজে ৷
উল্লেখ্য যে, 4-5 বছৰ ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱত উক্ত অঞ্চলৰ বুৰৈ পথাৰত শ শ বিঘা খেতি মাটি চন পেলাব লগীয়া হৈছে । এই ক্ষেত্ৰত বন বিভাগক বাৰে বাৰে খবৰ দিয়াৰ পাছতো কাণষাৰ নিদিয়াৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ।
লগতে পঢ়ক:Scam in embankment repairing: গৰাখহনীয়া প্ৰতিৰোধৰ কাম আধা কৰিয়েই ঠিকাদাৰ-অভিযন্তাই ভগালে ধনৰ অংশ !