Wild elephant in Goalpara : বন্যহস্তীৰ উপদ্ৰৱত নিদ্ৰাহৰণ হৈছে লক্ষীপুৰবাসীৰ - কৃষকৰ সপোনৰ খেতিডৰা
🎬 Watch Now: Feature Video
গোৱালপাৰা, 20 মাৰ্চ : গোৱালপাৰা জিলাৰ লক্ষীপুৰত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ (Wild elephant terror in Goalpara) । বিগত কেইবাদিন ধৰি জিলাখনৰ লক্ষীপুৰ আঞ্চলিক বনবিভাগৰ অধীনস্থ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ এটা বৃহৎ জাকে উপদ্ৰৱ চলাই নষ্ট কৰিছে কৃষকৰ সপোনৰ খেতিডৰা ৷ বিশেষকৈ লক্ষীপুৰৰ ধামৰ-মেঘাডল গাঁৱৰ ধাননি খেতিত বন্যহস্তীজাকে নামি এফালৰ পৰা খাই তহিলং কৰিছে ধানখেতি ।
তথ্য অনুসৰি এই বন্যহস্তীৰ জাকটোত আছে প্ৰায় 50 টা হাতী ৷ ইফালে বন্যহস্তী উপদ্ৰৱ সহ্য কৰি নোৱাৰি অঞ্চলটোৰ একাংশ খেতিয়কে কৰিবলৈ বাদ দি কৃষিকৰ্ম ৷ এই সমস্যাৰ সমাধান বিচাৰি অঞ্চলটোৰ কৃষকসকলে খবৰ দিয়ে বন বিভাগৰ লোকক ৷
বনবিভাগৰ লোকে গুলী ফুটাই বন্যহস্তীৰ জাকটোক খেদি পঠিয়াই যদিও বন বিভাগৰ লোক উক্ত অঞ্চলৰ পৰা আঁতৰি গ’লেই পুনৰ সেই স্থনলৈ উভতি আহে বন্যহস্তীৰ জাকটো ৷ ফলত বিমূৰত পৰিছে উক্ত অঞ্চলৰ বাসিন্দাসকল ৷ সেয়ে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই ক্ষেত্ৰত দৃষ্টি নিক্ষেপ কৰিবলৈ কাতৰ আহ্বান জনাইছে অঞ্চলটোৰ ৰাইজে ৷
লগতে পঢ়ক : Wild elephant terror in Kaliabor: বন্যহস্তীৰ উপদ্ৰৱত ম্লান পৰিল কলিয়াবৰবাসীৰ ভোগালী বিহু