thumbnail

By

Published : Dec 23, 2022, 12:56 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

ETV Bharat / Videos

Elephant menace in Dergaon: গোলাঘাটৰ আঁহতগুৰিত বন্যহস্তীৰ সন্ত্ৰাস

ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত (Man Elephant conflict)৷ বন্যহস্তীক কেন্দ্ৰ কৰি গোলাঘাট জিলাৰ দেৰগাঁৱৰ দাতিকাষৰীয়া অঞ্চল আঁহতগুৰিত বৃস্পতিবাৰে নিশা এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় (Wild elephant tense situation)৷ বিগত এমাহ ধৰি খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ এটা জাকে নিশাৰ ভাগত দৈনিক অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ হাতীৰ আতংকত ৰাইজে এতিয়া উজাগৰী নিশা কটাবলগীয়া হৈছে (Wild elephant tense situation at Dergaon )৷ বিশেষকৈ আহঁতগুৰিৰ নতুন সুবিধা চাপৰিৰ বিজয়পুৰ, ঘিটিং আৰু বাঘমৰা গাঁৱৰ কৃষিপথাৰত বেছিকৈ উপদ্ৰৱ চলাইছে হাতীৰ জাকটোৱে ৷ অঞ্চলটোৰ কৃষিপথাৰত সোমাই এফালৰ পৰা তহিলং কৰি গৈছে হাতীৰ জাকটোৱে ৷ ইফালে জুই জ্বলাই হাতী খেদিবলৈ চেষ্টা কৰে আতংকিত ৰাইজে ৷ এই সন্দৰ্ভত বন বিভাগক অৱগত কৰা হৈছিল যদিও এতিয়ালৈ বন বিভাগে হাতীৰ জাকটোক জনাঞ্চলৰ পৰা খেদি পঠিয়াবলৈ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰে অঞ্চলটোৰ লোকসকলে ৷
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.