thumbnail

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 12:59 PM IST

ETV Bharat / Videos

বন্যহস্তীৰ উপদ্ৰৱ, নিদ্ৰাহৰণ নগঞাৰ

বঢ়মপুৰ, 7 ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ ৷ বিশেষকৈ কামপুৰৰ ভিন্ন প্ৰান্তত আজিও বন্যহস্তীৰ উপদ্ৰৱত হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে অঞ্চলটোৰ সাধাৰণ জনতা ৷ কামপুৰৰ ভিন্ন অঞ্চলৰ পথাৰৰ ধান খাই তহিলং কৰিছে বন্যহস্তীৰ এটা বৃহৎ জাকে ৷

স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, নিশা হ’লেই শগুণবাহী পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি আহে প্ৰায় 200 জনীয়া হাতীৰ এটা বৃহৎ জাক ৷ এই হাতীৰ জাকটোৱে 36 নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ তেলিয়াআটি আৰু পটিয়াপাম গাঁৱৰ কৃষকৰ শ শ বিঘা ধান খাই তহিলং কৰিছে ৷ লগতে বহু বিঘা কুঁহিয়াৰৰ খেতিও অনিষ্ট কৰিছে ৷

সপোনৰ খেতিডৰা বন্যহস্তীৰ জাকে নষ্ট কৰাত শোকত ভাগি পৰিছে কৃষকসকল । বন বিভাগৰ লোকক এই সন্দৰ্ভত অৱগত কৰাৰ পাচতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : কঠীয়াতলীত বন্যহস্তীৰ উপদ্ৰৱ: উপায়ন্তৰ হৈ কৃষকে কাটিছে কেঁচা ধান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.