গোলাঘাটত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ, নিৰ্লিপ্ত বন বিভাগ - বন্যহস্তীয়ে চলাইছে তাণ্ডৱ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 12:35 PM IST

গোলাঘাট, 18 নৱেম্বৰ: সোণোৱালী ধাননিত বন্যহস্তীয়ে চলাইছে তাণ্ডৱ ৷ গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত বন্যহস্তীৰ তাণ্ডৱ ৷ নিশা ভোলাগুৰিত বন্যহস্তীয়ে অনিষ্ট কৰিলে দুটাকৈ বাসগৃহ । বিনিদ্ৰ ৰজনী কটাবলগীয়াত পৰিছে গঞাঁ ৰাইজে । জিলাখনৰ আৱৰঘাট, ভোলাগুৰি, 2 নং শেনছোৱা আদি কেইবাখনো গাঁৱত শুকুৰবাৰৰ নিশা বন্যহস্তীয়ে উপদ্ৰৱ চলায় ৷ 

বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ধনশিৰি নদী পাৰ হৈ তিনিটা হাতীয়ে জনাঞ্চলত প্ৰৱেশ কৰিছিল বুলি জানিব পৰা গৈছে । ভোলাগুৰিৰ ভূৱন বৰা আৰু নৃপেন বৰাৰ ঘৰ ভাঙি সকলো বয়-বস্তু লণ্ড-ভণ্ড কৰিলে হাতীয়ে। তিনিটাকৈ বনৰীয়া হাতী তিনিফালে যোৱাত বৃহত্তৰ অঞ্চলটোত সৃষ্টি হৈছে আতংকৰ । হাতী তিনিটা বনাঞ্চলত খেদি পঠিয়াবলৈ বৰ্তমানলৈকে কোনোধৰণৰ পদক্ষেপ বন বিভাগে গ্ৰহণ কৰা নাই বুলি ভুক্তভোগী ৰাইজে জনায় । 

বিগত তিনিদিন ধৰি অঞ্চলসমূহত অব্যাহত থকা বন্যহস্তীৰ উপদ্ৰৱত ত্ৰাহিমধুসূদন সুঁৱৰিছে ৰাইজে ৷ শীঘ্ৰে বন বিভাগক এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়ক: Elephant menace : চকুৰ টোপনি নাইকিয়া কৰিছে বন্যহস্তীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.