thumbnail

By

Published : Jul 24, 2023, 6:01 PM IST

ETV Bharat / Videos

Wild elephant menace:বনৰীয়া হাতীৰ উপদ্ৰৱ, ভাঙিলে বিদ্যালয় গৃহ

ৰঙাপৰা, 24 জুলাই : শোণিতপুৰৰ ৰঙাপৰা আৰু চাৰিদুৱাৰ অঞ্চলত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস । খাদ্যৰ সন্ধানত প্ৰায়েই জনবসতি অঞ্চলত মুক্ত বিচৰণ কৰি থকা প্ৰকাণ্ড দঁতাল বনৰীয়া হাতীটোৱে ৰঙাপৰাৰ ফুলবাৰী পানীপোটাত চলালে উপদ্ৰৱ । শনিবাৰৰ নিশা প্ৰায় দুই বজাত বনৰীয়া হাতীটোৱে তচনচ কৰিলে বিদ্যালয় গৃহ ৷ 

নিশাৰ ভাগত বনৰীয়া হাতীটোৱে পানীপোটা মধ্য ইংৰাজী বিদ্যালয়ৰ কেইবাটাও শ্ৰেণী কোঠা ভাঙি পেলাই । লগতে ভাঙি পেলাই বিদ্যালয়খনৰ ৰান্ধনী ঘৰটো আৰু ভক্ষণ কৰে মধ্যাহ্ন ভোজনৰ চাউল । পিচত ৰাইজে কোনোমতে খেদি পঠিয়াবলৈ সক্ষম হয় বনৰীয়া হাতীটো । ৰঙাপৰা অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ বহু সময় ধৰি অব্যাহত আছে আৰু স্থানীয় ৰাইজে বহু যমৰ যাতনা ভূগিবলগীয়া হৈ আহিছে ।

লগতে পঢ়ক : Wild elephant death: ৰঙাপৰাত জংঘলৰ পিতনিত মৃত বনৰীয়া হাতী উদ্ধাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.