নামনিমু্ৱা ৰঙিয়া এক্সপ্ৰেছৰ খুন্দাত বন্যহস্তীৰ মৃত্যু - Wild elephant killed by train in Karbi Anglong
🎬 Watch Now: Feature Video
Published : Dec 12, 2023, 10:21 PM IST
ডিফু,১২ জানুৱাৰী: কাৰ্বি আংলং জিলাৰ অসম নাগালেণ্ড সীমান্তৰ লালকাটিঙত ৰে'লৰ খুন্দাত মঙলবাৰে দুপৰীয়া এটি বনৰীয়া হাতীৰ মৃত্যু হয় ৷ নামনিমুৱা ৰঙিয়া এক্সপ্ৰেছৰ খুন্দাত হাতীটোৰ মৃত্যু হোৱা বুলি ৰে'ল কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷ ধনশিৰি বনাঞ্চলৰ কাৰ্যালয়ৰ অন্তৰ্গত লাংটিং ৰঙাপাহাৰ এলেকাটোত এই কেইদিন খাদ্যৰ সন্ধানত হাতীৰ জাক এটা দিনে-নিশাই ঘুৰি আছে ৷
বন বিভাগৰ গাফিলতিৰ বাবে কাৰ্বি আংলং জিলাৰ সকলো সংৰক্ষিত আৰু বন্যপ্ৰাণী অভয়াৰণ্য টকলা হোৱাৰ বাবে হাতীৰ জাকে এতিয়া খাদ্যৰ বাবে ঘূৰি ফুৰিছে ৷ লাংটিঙৰ যি এলেকাত হাতীটোৰ কৰুণ মৃত্যু হ'ল সেই এলেকাটো হাতী অহা-যোৱা কৰা পথ ৷ হস্তী কৰিডৰ হোৱাৰ পিছতো তাত ৰে'ল বিভাগ বা বন বিভাগৰ কোনো সৰ্তকবাণী লিখা চাইনবৰ্ড নাই ৷ যাৰ ফলত এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰে ৷
লগতে পঢ়ক: সংসদত অসমৰ বিৰোধী সাংসদৰ কোনে কি কৰিলে যোৱা ৫ বছৰত ?