Terror of wild Buffalo: বনৰীয়া ম’হৰ ভয়ত স্ত্ৰস্তমান মৰাণৰ পুৰণি বলাইবাসী; তহিলং কৰিলে ধাননী - Terror of wild Buffalo in Moran

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 1:46 PM IST

ডিব্ৰুগড়, 31 আগষ্ট : সমস্যাৰ যেন অন্ত নাই কৃষক ৰাইজৰ । বানৰ পাচতে সেউজীয়া হৈ উঠা ধানত পোকে খাই নষ্ট কৰিছে, আনফালে বনৰীয়া ম'হৰ উপদ্ৰৱে সমস্যাত পেলাইছে ডিব্ৰুগড় জিলাৰ কৃষকক । ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ পুৰণি বলাইত কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে ৷ কাৰণ এজাক বনৰীয়া ম'হে সেউজীয়া ধাননী অনিষ্ট কৰিছে ৷ নিশাটোৰ ভিতৰতে ম'হজাকে এফালৰ পৰা খাই তহিলং কৰিছে বিঘাই বিঘাই খেতি পথাৰ ৷

পুৰণি বলাই আৰু নাওজানৰ গেলেকী অঞ্চলৰ প্ৰায় পাঁচখন গাঁৱৰ খেতিপথাৰত নতুনকৈ সজাল ধৰা শালি ধান খাই কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে বনৰীয়া ম'হজাকে ৷ পুৱতি নিশাই পথাৰত সোমাই খেতিপথাৰ তহিলং কৰা বনৰীয়া ম'হজাক খেদিবলৈ ৰাইজে বনবিভাগক অভিযোগ দিয়াৰ পাচতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ ফলত উপায়হীন হৈ পৰিছে কৃষক ৰাইজ  ৷

লগতে পঢ়ক: Assam flood 2023: ভদীয়া বানৰ কৱলত ডিব্ৰুগড়ৰ বিস্তীৰ্ণ অঞ্চল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.