Killer Arrested in Hojai: হোজাই আৰক্ষীৰ জালত পত্নীহন্তা - wife killer arrested at Lanka in Hojai

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 15, 2022, 8:59 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

হোজাই জিলা আৰক্ষীৰ বৃহৎ সফলতা । দুৰ্গাপূজাৰ সময়ত লংকা ২নং পাঞ্চালী গাঁৱত সংঘটিত বোৱাৰী হত্যাৰ মূল অভিযুক্ত গুলজাৰ হুছেইনক আজি হোজাই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় (killer arrested in Hojai) । হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ তৎপৰতাত আটক কৰিবলৈ সক্ষম হয় মূল অভিযুক্ত গুলজাৰ হুছেইনক (wife killer arrested at Lanka in Hojai) । ধৃত গুলজাৰ হুছেইনৰ ফাঁচিৰ দাবীত লংকা থানালৈ ওলাই আহে ৰাইজ । উল্লেখযোগ্য যে দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মজতে লংকাত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ড । স্বামীয়ে টেঁটু চেপি হত্যা কৰিছিল পত্নীক । হত্যাকাণ্ড সংঘটিত কৰি সম্প্ৰতি পলাতক হৈ আছিল স্বামী গুলজাৰ হুছেইন (husband alleged killed wife in Hojai) । গুলজাৰ হুছেইনৰ মৃত পত্নীগৰাকীৰ নাম হৈছে ৰুহিনা ইয়াচমিন । লংকাৰ ২নং পাঞ্চালি গাঁৱত সংঘটিত হয় উক্ত ঘটনাটো । পত্নী ইয়াচমিনা বেগমক শোৱাপাটীতে স্বামীয়ে টেঁটু চেপি হত্যা কৰি পলায়ন কৰিছিল ঘৰৰ পৰা । আজি ১১ দিনৰ অন্তত লংকা আৰক্ষীৰ তৎপৰতাত আটক কৰে গুলজাৰক । বৰ্তমান লংকা আৰক্ষীৰ জেৰা অব্যাহত ৰাখিছে গুলজাৰ হুছেইনক ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.