ধেমাজীবাসীৰ স্বাৰ্থত কাম কৰি যোৱাৰ সংকল্প আছুৰ নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক সদস্য বিকাশ মিছঙৰ - আছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক দীপক শৰ্মা
🎬 Watch Now: Feature Video


Published : Nov 26, 2023, 11:44 AM IST
ধেমাজি, 26 নৱেম্বৰ : আছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক হিচাপে নিৰ্বাচিত ধেমাজি জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দীপক শৰ্মা আৰু কেন্দ্ৰীয় সমিতিৰ নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক সদস্য বিকাশ মিছং ধেমাজি উপস্থিত হয় ৷ শনিবাৰে গৃহজিলাত উপস্থিত হোৱা লগে লগে দুই নবনিৰ্বাচিত আছু নেতাক উষ্ম আদৰণি জনাই জিলাখনৰ আছু কৰ্মীয়ে ৷
শনিবাৰে বিয়লিৰ ভাগত ধেমাজিত উপস্থিত হৈ নবনিৰ্বাচিত দুই আছু নেতাই পোন প্ৰথমে ধেমাজিৰ আছুৰ শ্বহীদ উদ্যানত উপস্থিত হয় ৷ লগতে শ্বহীদ বেদীত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে ৷ পৰৱৰ্তী সময়ত ধেমাজি জিলা আছুৰ সভাপতি সঞ্জীৱ দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় এক অভিনন্দন সভা ৷ উক্ত সভাৰ পাচতে আগন্তুক দিনত ধেমাজীবাসীৰ স্বাৰ্থত কাম কৰি যাম বুলি উল্লেখ কৰে নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক সদস্য বিকাশ মিছঙে ৷
লগতে পঢ়ক:অখিল গগৈৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মিচিং জাতীয় ছাত্ৰ সংগঠন টিএমপিকে