কলিয়াবৰ আৰক্ষী নিৱেশত বিশ্বকৰ্মা পূজা - Vishwakarma Puja in Assam

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 17, 2022, 4:06 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

আজি ৰাজ্যজুৰি উলহ-মালহেৰে উদযাপন কৰা হয় বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা (Vishwakarma Puja in Assam) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰ আৰক্ষী নিৱেশৰ চৌহদতো উদযাপন কৰা হয় বিশ্বকৰ্মা পূজা (Vishwakarma Puja at Kaliabar)। বিশ্বকৰ্মা পূজাত বন্দুক,অস্ত্ৰ-শস্ত্ৰ সমূহত পূজা-অৰ্চনা কৰে আৰক্ষীয়ে । বিশ্বকৰ্মাৰ ওচৰত আৰক্ষী-জোৱানসকলে আশীস লয় । কলিয়াবৰৰ আৰক্ষী নিৱেশৰ উপৰি অগ্নি নিৰ্বাপক বাহিনী,অসম সমবায় মৰাপাট কল শিলঘাটতো উদযাপন কৰা হয় বিশ্বকৰ্মা পূজা । উল্লেখ্য় যে শাস্ত্ৰত কোৱা হৈছে,সত্যযুগত বিশ্বকৰ্মাই স্বৰ্গলোক সৃষ্টি কৰিছিল,ত্ৰেতা যুগত সোণৰ লংকা,দ্বাপৰত দ্বাৰকা নগৰ আৰু কলিযুগত হস্তিনাপুৰ আৰু ইন্দ্ৰপ্ৰস্থ সৃষ্টি কৰিছিল ৷
Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.