Vishva Hindu Parishad:জন্মাষ্টমী মহোৎসৱৰ লগতে বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালন - ধৰ্মীয় শোভাযাত্ৰা
🎬 Watch Now: Feature Video


Published : Sep 6, 2023, 6:42 PM IST
ৰঙিয়া, 6 ছেপ্টেম্বৰ : ৰঙিয়াত বিশ্ব হিন্দু পৰিষদৰ উত্তৰ কামৰূপ জিলাৰ উদ্যোগত বুধবাৰে জন্মাষ্টমী মহোৎসৱৰ লগতে বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয় । এই উপলক্ষে ৰঙিয়া প্ৰগতি সংঘৰ চৌহদত অনুষ্ঠিত হয় এখন ধৰ্ম আলোচনী সভা । সভাৰ আৰম্ভণিতে ধৰ্মধ্বজা উত্তোলন, গো-মাতা পূজা কৰা হয় । তাৰ পিচতে আৰম্ভ হোৱা ধৰ্মালোচনী সভাখনত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক বি আৰ ৰাজু, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসমৰ ক্ষেত্ৰীয় প্ৰচাৰ প্ৰমুখ ড৹ সুনীল মোহান্তি ।
ইয়াৰ পিচতে দিনৰ ১২.৩০ বজাত আৰম্ভ হয় বিশাল ধৰ্মীয় শোভাযাত্ৰা । ৰঙিয়া সমষ্টিৰ বিধায়ক তথা অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই উদ্বোধন কৰা ধৰ্মীয় শোভাযাত্ৰাত প্ৰায় দুই সহস্ৰাধিক ধৰ্মপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে । শোভাযাত্ৰাটো ৰঙিয়া চহৰৰ মূল-মূল পথ সমূহৰে পদযাত্ৰা কৰি পুনৰ প্ৰগতি সংঘৰ চৌহদত সামৰণি পৰে । শোভাযাত্ৰাটোত অংশগ্ৰহণকাৰীসকলে বিভিন্ন পৰম্পৰাগত সাজ পোচাক পৰিধান কৰি সমদলত অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক : FIR Against Bhupen Borah:ভূপেন বৰাৰ বিৰুদ্ধে যোৰহাটত বিশ্ব হিন্দু পৰিষদৰ এজাহাৰ দাখিল