আঘাতপ্ৰাপ্ত বান্দৰ নিজেই কাষ চাপিল চিকিৎসকৰ - Injured monkey entered DR SM Ahmed clinic

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 9, 2022, 1:45 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

বিহাৰত আচৰিত ঘটনা । কোনেও কল্পনা কৰিব নোৱাৰা এক ঘটনা সংঘটিত হৈছে ৰোহতাচৰ এখন হাস্পতালত । এটা বান্দৰৰ কৰ্মকাণ্ডই আচৰিত কৰি তুলিছে সমগ্ৰ দেশবাসীক । সকলোকে আচৰিত কৰি বাকী ৰোগীৰ দৰেই আহত এটা বান্দৰ উপস্থিত হৈছে চিকিৎসকৰ ক্লিনিকত (Wounded monkey visits doctor clinic for treatment)। চিকিৎসকেও বাকী ৰোগীৰ দৰেই বান্দৰটোক শুশ্ৰূষা কৰিছে । বান্দৰ আৰু চিকিৎসকৰ এই ভিডিঅ' ভাইৰেল হোৱাৰ লগে লগে এতিয়া সকলোতে চলিছে চৰ্চা । ভিডিঅ'টোত দেখাৰ দৰে এটা আহত বান্দৰে ৰোহতাচৰ শ্বাহজুমা অঞ্চলত থকা এগৰাকী চিকিৎসকৰ ক্লিনিকত উপস্থিত হৈছিল (Monkey reached Hospital For Treatment in Rohtas)। ডাঃ এছ.এম. আহমেদ নামৰ চিকিৎসকগৰাকীয়ে বান্দৰৰ অসুবিধাৰ কথা গম পাই ক্লিনিকৰ ভিতৰলৈ মাতিছিল (Injured monkey entered DR SM Ahmed clinic)। অলপো পলম নকৰি বান্দৰটোও ক্লিনিকৰ ভিতৰলৈ সোমাই গৈছিল । ভিডিঅ'টোত দেখা গৈছে যে বান্দৰটোৱে ভিতৰলৈ গৈয়ে ৰোগীয়ে বহা চকীখনত শান্তভাৱে বহিছে (The monkey sat peacefully in a chair)। এই দৃশ্য দেখি মন্ত্ৰমুগ্ধ চিকিৎসকসকল । তাৰ পাছত চিকিৎসকে বান্দৰটোৱে আঘাত পোৱা ঠাইখিনি পৰিষ্কাৰ কৰিছে আৰু দৰৱ লগাইছে । বান্দৰটোৱেও সেই সময়ত শান্তভাৱে চিকিৎসকৰ ফালে চাই আছিল । সাধাৰণতে আপুনি যদি কোনো বান্দৰক স্পৰ্শ কৰে তেনেহ'লে আপোনাক খেদি আহিব নহ'লে আক্ৰমণ কৰিব । কিন্তু এই ভিডিঅ'টোত বান্দৰ আৰু চিকিৎসকৰ বুজাবুজি দেখি আচৰিত হৈছে ৰাইজ ।
Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.