Frog Wedding at Nowboicha: বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ নাওবৈচাত ৰাইজে পাতিলে ভেকুলীৰ বিয়া - ভেকুলীৰ বিয়া
🎬 Watch Now: Feature Video

বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ লখিমপুৰৰ নাওবৈচাৰ সোণতলী গাঁৱৰ ৰাইজে সম্পূৰ্ণ অসমীয়া ৰীতি-নীতি, পৰম্পৰা ৰক্ষা কৰি পাতিলে ভেকুলী বিয়া (Frog marriage in Lakhimpur) ৷ লোকবিশ্বাস অনুসৰি ভেকুলী বিয়া পাতিলে ধৰিত্ৰীৰ বুকুলৈ বৰষুণ নামে ৷ সোণতলী গাঁৱৰ পুৰুষ-মহিলাই একত্ৰিত হৈ ঢোলে-দগৰে এক উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে শুকুৰবাৰে নিশা এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিলে ভেকুলী বিয়া । উল্লেখ্য যে, অনাবৃষ্টিৰ সময়ত মানুহে প্ৰকৃতিক সন্তুষ্ট কৰিবলৈ কিছুমান লোকাচাৰ পালন কৰে । তেনে বিভিন্ন অনুষ্ঠানসমূহৰ ভিতৰত ভেকুলীৰ বিয়া অন্যতম । অসমীয়া বিবাহ উৎসৱৰ পৰম্পৰাগত ৰীতি-নীতিসমূহ পালনেৰে দুটা ভেকুলীৰ মাজত বিয়া পাতি আনন্দ উল্লাস কৰি বৰষুণৰ বাবে প্ৰাৰ্থনা কৰে(Frog wedding at Nowboicha) ৷
Last Updated : Feb 3, 2023, 8:25 PM IST