কলগাছিয়াত বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী ৰূপায়ণ - সদস্য সচিব ৰাহুল বৰ্মণ
🎬 Watch Now: Feature Video
Published : Dec 5, 2023, 6:31 PM IST
জনীয়া, 5 ডিচেম্বৰ : কলগাছিয়াৰ জনতা গাঁও পঞ্চায়তত বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ বৰপেটা জিলাৰ মন্দিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ জড়িয়তে 22 নং মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত 82 নং জনতা গাঁও পঞ্চায়তত, সদস্য সচিব ৰাহুল বৰ্মনৰ নেতৃত্বত আৰু পঞ্চায়ত সভাপতি হাবিল খানৰ সভাপতিত্বত এখন সজাগতা সভা অনুষ্ঠিত হয়।
এই সভাত উপস্থিত থাকে মন্দিয়া সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া জালাল উদ্দিন আহমেদ, মুখ্য সেৱিকা জুতিকা পাটোৱাৰীৰ লগতে প্ৰায় ডেৰ শতাধিক অংগনবাড়ী কৰ্মী তথা ভালেসংখ্যক মহিলা। এই সভাত বিষয়া জালাল উদ্দিন আহমেদে ৰাইজক উদ্দেশ্য কৰি কয় যে বৰ্তমান ভাৰত চৰকাৰে গৰ্ভৱতীৰ পৰা আৰম্ভ কৰি বৃদ্ধ, প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ, পি এম কিষাণ আদিকে ধৰি বিভিন্ন ধৰণৰ দুখীয়া লোকৰ বাবে আঁচনি হাতত লৈছে যদিও সকলো আঁচনিৰ জৰিয়তে ৰাইজক উপকৃত কৰিব পাৰিছে ।
লগতে পঢ়ক: ডিচেম্বৰ মাহত ভাগ্য উদয় হ'ব তিনি ৰাশিৰ ব্যক্তিৰ, বেয়া ফল ভোগ কৰিব দুই ৰাশিৰ ব্যক্তিয়ে