বৰক্ষেত্ৰীত আমাৰ সংকল্প বিকশিত ভাৰত কাৰ্যসূচী - কুৰিহামাৰী বৰচুলীয়া গাঁও পঞ্চায়ত

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 10:39 PM IST

নলবাৰী, ৮ ডিচেম্বৰ: নলবাৰী জিলাৰ বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত কুৰিহামাৰী বৰচুলীয়া গাঁও পঞ্চায়তত "আমাৰ সংকল্প বিকশিত ভাৰত" কাৰ্যসূচীৰ এখন সভা অনুষ্ঠিত হয় । "মোডী চৰকাৰৰ গেৰেন্টী" শীৰ্ষক বাহনখনেৰে বৰক্ষেত্ৰীৰ বিভিন্ন পঞ্চায়তত অনুষ্ঠিত কৰিছে "আমাৰ সংকল্প বিকশিত ভাৰত" শীৰ্ষক কাৰ্যসূচী । শুক্ৰবাৰে মুকালমুৱাত কুৰিহামাৰী বৰচুলীয়া গাঁও পঞ্চায়তৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী আৱাস যোজনা, পিএম কিষাণ, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা, জল জীৱন মিছন, আয়ুষ্মান ভাৰতকে ধৰি বিভিন্ন আচঁনিৰ হিতাধীকাৰী সকলৰ লগত মত বিনিময় কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, কৃষি বিভাগ, স্বাস্থ্য বিভাগ, সমাজ কল্যাণ বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়াৰ লগতে পঞ্চায়ত প্ৰতিনিধিয়ে ।  

কুৰিহামাৰী বৰচুলীয়া গাঁও পঞ্চায়তৰ সভাপতি হাফিজুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত হিতাধিকাৰী সকলৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানত চৰকাৰী আঁচনি সমূহৰ পৰা দৰিদ্ৰ লোক সকল উপকৃত হোৱা বুলি কয় হিতাধীকাৰী সকলে । বিশেষকৈ অৰুণোদয়, পিএম কিষান আঁচনি, কেচিচি ঋণৰ পৰা সাধাৰণ ৰাইজৰ যথেষ্ট উপকৃত হোৱা বুলি মত প্ৰকাশ কৰে হিতাধীকাৰী সকলে । এই অনুষ্ঠানটোত উপস্থিত থাকে মহকুমা কৃষি বিষয়া অন্তৰা কাকতি, চিকিৎসক মইনুল আলী, পঞ্চায়ত সচিব ফুলচান্দ আলী, বৰক্ষেত্ৰী ধৰ্মপুৰৰ মণ্ডল বিজেপিৰ সম্পাদক সোনাবৰ আলীকে ধৰি বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী সকল ।

লগতে পঢ়ক:গুৱাহাটীক দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তুলিবলৈ পদক্ষেপ লৈছে ৰাজ্য চৰকাৰে: মুখ্যমন্ত্রী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.