বঙাইগাঁৱত অনুষ্ঠিত বিকশিত ভাৰত সংকল্প যাত্ৰা

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 7:14 AM IST

thumbnail

বঙাইগাঁও, 8 ডিচেম্বৰ : ৰাজ্যজুৰি যোৱা 28 নৱেম্বৰৰ পৰা অব্যাহত আছে বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী । তাৰে অংশ হিচাপে বৃহস্পতিবাৰে বঙাইগাঁও চহৰৰ বৰপাৰাত বঙাইগাঁও পৌৰসভাৰ উদ্যোগত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ এই অনুষ্ঠানত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন ৰাজ্যৰ হিতাধিকাৰীসকলৰ লগত কৰা বার্তালাপৰ লগতে জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণৰ বাণীবদ্ধ ৰূপ পুনৰ সম্প্ৰচাৰ কৰা হয়।

এই অনুষ্ঠানত উপস্থিত থাকে বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী লগতে বঙাইগাঁও পৌৰসভাৰ পৌৰপতি সুবোধ চন্দ্ৰ দাস, বঙাইগাঁও জিলাৰ উন্নয়ন আয়ুক্ত ধ্ৰুৱজ্যোতি দাসসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি । এই অনুষ্ঠানত সভাৰ জৰিয়তে ৰাইজক চৰকাৰৰ বিভিন্ন আঁচনিৰ সন্দৰ্ভত অৱগত কৰায় বঙাইগাঁও পৌৰসভাৰ পৌৰপতি সুবোধ চন্দ্ৰ দাসে ।

লগতে পঢ়ক: লখিমপুৰত বিকশিত ভাৰতৰ সংকল্প যাত্ৰা অনুষ্ঠান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.