Durga Puja in Hojai: হোজাইত বিজয়া দশমীত সেন্দুৰ খেলা পৰ্বত পাৰভঙা আনন্দ - Durga Puja in Hojai
🎬 Watch Now: Feature Video
Published : Oct 24, 2023, 5:19 PM IST
হোজাই, ২৪ অক্টোবৰ: দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন পৰ্বৰ লগে লগে অন্ত পৰে মহোৎসৱৰ পাৰভঙা আনন্দৰ । মঙলবাৰে ৰাজ্যজুৰি বিসৰ্জন দিয়া হৈছে দেৱী দুৰ্গাৰ প্ৰতিমাসমূহ । ভক্তগণে অশ্ৰুসিক্ত নয়নেৰে বিদায় দিয়ে মা দুৰ্গাক । প্ৰতিমা বিসৰ্জন পৰ্বৰ লগত সংগতি ৰাখি সেন্দুৰ খেলা পৰ্বত বহুসংখ্য়ক মহিলাই অংশগ্ৰহণ কৰে ।
সমগ্ৰ ৰাজ্যৰ লগতে হোজাইতো বিজয়া দশমীত আজি পুৱাৰ পৰাই ভক্ত সকলে তেওঁলোকৰ ৰীতি-নীতি অনুসৰি প্ৰতিমাৰ সন্মুখত সেন্দুৰ খেলা, দেৱীৰ ওচৰত কিতাপ চোৱা, দেৱী দুর্গাৰ পৰা আশীৰ্বাদ ল'বৰ বাবে পূজা মণ্ডপ সমূহত ভিৰ কৰে । উল্লেখযোগ্য যে বিজয়া দশমীৰ দিনটোত সেন্দুৰ খেলাৰ ৰীতি-নীতি পালন কৰা হয় । দেৱী দুৰ্গাক পুৱা উপাসনা কৰি মহিলাসকলে হাতেৰে পাণ ব্যৱহাৰ কৰি দেৱীৰ মূৰ্তিত সেন্দুৰ লগায়। ইয়াৰ পিছত তেওঁলোকে সেন্দুৰ লগোৱা পৰ্ব আৰম্ভ কৰি নৃত্য প্ৰদৰ্শন কৰে ।
লগতে পঢ়ক:Durga Puja in Dhemaji : দেশবাসীৰ শান্তিৰ কামনাৰে দুৰ্গা দেৱীৰ ওচৰত প্ৰাৰ্থনা মন্ত্ৰী ৰণোজ পেগুৰ