BJP victory in Northeast : মাজুলীত জিলা বিজেপিৰ বিজয় উৎসৱ পালন - Victory celebrations of BJP in Northeast at Majuli

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 4, 2023, 11:19 AM IST

মাজুলী, ৪ মাৰ্চ: ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ত সদ্যঘোষিত বিধানসভা নিৰ্বাচনত বিজেপিৰ চমকপ্ৰদ বিজয়ত দেশৰ আন প্ৰান্তৰ লগতে মাজুলীতো শুকুৰবাৰে আৱতৰীয়া দিপাৱলী পালন কৰিলে দলীয় নেতা-কৰ্মী তথা সমৰ্থকসকলে (BJP Election victory celebrations in Majuli)। মাজুলীত জিলা বিজেপিৰ এই বিজয় উৎসৱত শ শ লোকে অংশগ্ৰহণ কৰে (Assembly election in Meghalaya)। মাজুলী জিলা বিজেপিয়ে শুকুৰবাৰে সন্ধিয়া মাজুলীৰ কমাৰগাঁৱত ফটকা আতচবাজী ফুটাই এই বিজয় পালন কৰে (Assembly election in Tripura)। মাজুলী জিলা বিজেপিৰ সভাপতি বীৰেণ শইকীয়াৰ নেতৃত্বত বিজেপিৰ নেতা-কৰ্মীয়ে অংশ গ্ৰহণ কৰি উত্তৰ পূৰ্বাঞ্চলত দলৰ ভেঁটী পূৰ্বতকৈ অধিক শক্তিশালী হোৱা বুলি কয় ।  

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মাজুলী জিলা বিজেপিৰ সভাপতি বীৰেণ শইকীয়াই কয় যে এই ফলাফলৰ জৰিয়তে আকৌ এবাৰ প্ৰমাণ হৈছে যে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দেশৰ সাধাৰণ জনতাই গ্ৰহণ কৰিছে (Assembly election in Nagaland)। উত্তৰ পূৱক আগবঢ়াই নিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যি পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপক সন্মান জনাই উত্তৰ পূৱৰ ৰাইজে তেওঁক আঁকোৱালি লৈছে বুলি তেওঁ কয় । এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰো শলাগ লয় মাজুলী জিলা বিজেপিৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক:Construction of embankment in Karbi Anglong: পশ্চিম কাৰ্বি আংলঙক বানমুক্ত কৰাৰ লক্ষ্যৰে মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.