Timber Seized: কাকজানত মূল্যৱান হোলোং কাঠ অবৈধভাৱে সৰবৰাহ কৰা এখন বাহন জব্দ

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 8:34 PM IST

thumbnail

তিনিচুকীয়া, ১৩ ছেপ্টেম্বৰ : এফালে ৰাজ্যত চৰকাৰৰ উদ্যোগত অমৃত বৃক্ষ আন্দোলনৰ আয়োজন আৰু আনফালে সংৰক্ষিত বনাঞ্চলত বনদস্যুৱে চলাই আছে ধ্বংসলীলা ৷ মূল্যৱান হোলোং গছ কাটি কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে বনদস্যুৱে ।

মঙলবাৰে নিশা প্ৰায় ১০ বজাত ডুমডুমা বন সংমণ্ডলৰ বন বিষয়াৰ এটা দলে অভিযান চলাই ডুমডুমাৰ সমীপৰ কাকজানৰ পৰা মূল্যৱান হোলোং কাঠ ভৰ্তি এখন বাহন জব্দ কৰে । বুধবাৰে দিনৰ ভাগত সংবাদ মাধ্যমৰ আগত এই কথা ডুমডুমা বন বিভাগৰ লোকে অৱগত কৰে ।

AS 23 CC 7457 নম্বৰৰ বাহনখনত কাঠখিনি সৰবৰাহ কৰা হৈছিল । ডুমডুমাৰ সমীপৰ কাকজান অঞ্চলৰ পৰা বন বিভাগে অভিযান চলাই এই কাঠভৰ্তি বাহনখন জব্দ কৰাৰ লগতে আটক কৰে সুৰজিত চুতীয়া নামৰ এজন লোকক । মূল্যৱান হোলোং কাঠ কঢ়িয়াই অনা হৈছিল বাহনখনত । এনেদৰেই প্ৰতিদিনে একাংশ বনদস্যুয়ে বন ধবংসলীলা চলাই বনাঞ্চলসমূহ তহিলং কৰি আছে ৷

লগতে পঢ়ক : Timber seized:ডুমডুমাৰ তৰাণীত বৃহৎ পৰিমাণৰ হোলোং কাঠ জব্দ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.