খিলঞ্জীয়াৰ সমস্যাৰ কথা নাথাকিলে আলফাৰ শান্তিচুক্তি ফালি পেলাব বীৰ লাচিত সেনাই - veer lachit sena

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 8:05 PM IST

মঙলদৈ, 29 ডিচেম্বৰ : আলফাৰ বহুচৰ্চিত শান্তিচুক্তিক লৈ আক্ষেপ বীৰ লাচিত সেনাৰ । শৃংখল চলিহাৰ ভাষ্য অনুসৰি, অনুপ চেতিয়াই হেনো খিলঞ্জীয়াৰ সমস্যাক দিল্লীত উপস্থাপন কৰিব পৰা নাই ৷ সমস্যাই যদি উপস্থাপন কৰিব পৰা নাই তেনেহ’লে এই শান্তিচুক্তিৰ অৰ্থ ক’ত বুলি শৃংখল চলিহাই উভতি ধৰিছে ৷ আজি কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলফাৰ শান্তিচুক্তিক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে তেওঁ ৷ পৰেশ বৰুৱা অবিহনে কোনোধৰণৰ শান্তিচুক্তি নহয় বুলিও তেওঁ মন্তব্য কৰে ৷ পৰেশ বৰুৱা নহালৈকে অসম ৰক্তাক্ত হৈ থাকিব বুলিও তেওঁ কয় ৷

শান্তিচুক্তিত খিলঞ্জীয়াৰ অধিকাৰ দিল্লীৰ পৰা কাঢ়ি আনিব নোৱৰাটো দূৰ্ভাগ্যজনক বুলি মন্তব্য কৰে তেওঁ । এই চুক্তিক এক ভেকোভাওনা বুলি তেওঁ আখ্যা দিয়ে । চুক্তিখনত যদি খিলঞ্জীয়াৰ অধিকাৰ কথা উল্লেখ নাথাকে তেনেহ’লে সেই চুক্তি ফালি দলিয়াই দিয়াই ভাল বুলিও তেওঁ মন্তব্য কৰে । এনকাউণ্টাৰৰ নামত চৰকাৰে নিৰীহ যুৱকৰ ওপৰত অত্যাচাৰ চলাই থকাতকৈ অনা-অসমীয়াক এনকাউণ্টাৰ কৰক বুলিও দাবী জনাই তেওঁ ৷

লগতে পঢ়ক : পৰেশ বৰুৱাৰ সৈতে আলোচনাৰ বাট মুকলি হ’ল : মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.