thumbnail

HS results 2023 : বাণিজ্য শাখাত প্ৰথম স্থান দখল কে চি দাস কমাৰ্চ কলেজৰ ছাত্ৰী বৰষাৰ

By

Published : Jun 6, 2023, 2:25 PM IST

গুৱাহাটী, ৬ জুন : অৱশেষত আজি ঘোষণা হ’ল বহু প্ৰত্যাশিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফল । বাণিজ্য শাখাত মুঠ ১৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্থান দখল কৰিবলৈ সক্ষম হৈছে । বাণিজ্য শাখাত দুগৰাকীকৈ ছাত্ৰীয়ে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে (VARSHA BTHRA got 1st position in HS 2023 in Commerce stream) । ইয়াৰে ভিতৰত আছে মহানগৰীৰ কেচি দাস কমাৰ্চৰ ছাত্ৰী বৰষা বাটৰা (VARSHA BTHRA) ৷

সৰ্বমুঠ ৪৭২ নম্বৰ লাভ কৰি বাণিজ্য শাখাৰ প্ৰথম স্থানত উজ্জ্বলিল বৰষা ৷ গুৱাহাটী মহানগৰীৰ ৰিহাবাৰীৰ বাসিন্ধা ব্যৱসায়ী ৰতনলাল বাটৰা আৰু সংগীতা বাটাৰ কন্যা বৰষা বাটৰা । তেওঁ নিয়মীয়াকৈ ২-৩ ঘন্টা সময় পঢ়িছিল । সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘‘আমি পৰীক্ষাৰ বাবে মাত্ৰ ৭ মাহ সময় পাইছিলো । সাত মাহত প্ৰস্তুতি চলোৱাটো কঠিন আছিল । কিন্তু কলেজৰ শিক্ষয়-শিক্ষয়ত্ৰীয়ে যথেষ্ঠ সহায় কৰিছিল । পাঠ্যক্ৰম সময় মতে সম্পূৰ্ণ কৰিছিল ৷’’

ভৱিষ্যতে CA হোৱাৰ সপোন পুহি ৰাখিছে বাণিজ্য শাখাত শীৰ্ষত স্থান দখল কৰা বৰষা বাটৰাই ৷ ইফালে বৰষাৰ এই বাতৰি লাভ কৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে বৰষাৰ পিতৃ-মাতৃৰ লগতে শিক্ষাগুৰু আৰু আত্মীয়সকল ৷

লগতে পঢ়ক : HS results 2023: বিজ্ঞান শাখাৰ শীৰ্ষত নগাঁৱৰ ৰামানুজন চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ নিখিলেষ দত্ত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.