ETV Bharat / sports

হতাশাগ্ৰস্ত ইংলেণ্ডৰ ক্ৰিকেটাৰ ছেম কৰণ; চেন্নাই চুপাৰ কিংছৰ সৈতে 2.40 কোটি টকাত চুক্তিবদ্ধ - IPL AUCTION 2025

হতাশাত ভূগিছে ইংলেণ্ডৰ ক্ৰিকেটাৰ ছেম কৰণ ৷ খেলুৱৈগৰাকীৰ বাবে পঞ্জাৱ কিংছে ৰাইট টু মেচ কাৰ্ড ব্যৱহাৰ কৰিবলৈ অস্বীকাৰ কৰে ।

IPL AUCTION 2025
ছেম কৰণ (ETV Bharat)
author img

By ETV Bharat Sports Team

Published : Nov 25, 2024, 5:25 PM IST

স্প’ৰ্টছ ডেস্ক: আই পি এল 2025 ৰ মেগা নিলামৰ দ্বিতীয় দিনৰ কাৰ্যসূচী অব্যাহত আছে । সোমবাৰে ইংলেণ্ডৰ তাৰকা অলৰাউণ্ডাৰ ছেম কৰণে 2 কোটি আধাৰ মূল্যৰ সৈতে নিলামত প্ৰৱেশ কৰে । চেন্নাই চুপাৰ কিংছ আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছে ছেম কৰণৰ বাবে বিড কৰা দেখা যায় ৷

চেন্নাই চুপাৰ কিংছৰ সৈতে চুক্তিবদ্ধ ছেম কৰণ

পৰৱৰ্তী সময়ত পঞ্জাৱক ৰাইট টু মেচ কাৰ্ড ব্যৱহাৰ কৰিবলৈ কোৱা হৈছিল । অৱশ্যে পঞ্জাৱ কিংছে ইয়াৰ বাবে কিছু সময় বিচাৰে আৰু দীঘলীয়া আলোচনাৰ অন্তত ছেম কৰণৰ বাবদ আৰ টি এম কাৰ্ড ব্যৱহাৰ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰে ৷ তাৰপিছতে চেন্নাই চুপাৰ কিংছে ছেম কৰণক 2.40 কোটি টকাত দলটোত চুক্তিবদ্ধ কৰে ৷

লোকচানৰ সন্মুখীন ছেম কৰণ

ইংলেণ্ডৰ এই তাৰকা ফাষ্ট বলিং অলৰাউণ্ডাৰ ছেম কৰণক পঞ্জাৱ কিংছে আই পি এল 2023 ৰ নিলামত 18.50 কোটি টকাত ক্ৰয় কৰিছিল । সেই সময়ত কৰণ আই পি এল ইতিহাসৰ সৰ্বাধিক ব্যয়বহুল খেলুৱৈসকলৰ ভিতৰৰ এজনত পৰিণত হৈছিল । কিন্তু বৰ্তমান সময়ত খেলুৱৈগৰাকীয়ে মাথো এটা দলকহে ক্ৰেতা হিচাপে লাভ কৰে ৷

এইবাৰ তেওঁক চেন্নাই চুপাৰ কিংছে ক্ৰয় কৰে যদিও খেলুৱৈগৰাকী 16.10 কোটি টকাৰ বৃহৎ লোকচানৰ সন্মুখীন হয় । কৰণে বিগত ছিজনত শিখৰ ধৱনৰ অনুপস্থিতিত পঞ্জাৱৰ হৈ দলটোৰ অধিনায়কৰ দায়িত্বও বহন কৰিছিল ।

আই পি এল 2025 ৰ মেগা নিলামৰ দ্বিতীয় দিনৰ কাৰ্যসূচী সম্প্ৰতি অব্যাহত আছে ৷ সোমবাৰে অৰ্থাৎ 25 নৱেম্বৰত চৌদি আৰৱৰ জেদ্দাত চলি থকা নিলামত ফ্ৰেঞ্চাইজিসকলে মুঠ 204 টা খালী স্থান পূৰণ কৰিব । বিদেশী খেলুৱৈসকলৰ বাবে আছে 70 টা স্থান ৷

উল্লেখ্য যে, ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ 2025 ৰ মেগা নিলামৰ বাবে 1,577 গৰাকী খেলুৱৈয়ে পঞ্জীয়ন কৰিছিল যদিও 577 গৰাকী খেলুৱৈৰ নামহে চূড়ান্ত তালিকাত আহে । য’ত আছে 367 গৰাকী ভাৰতীয় আৰু 210 গৰাকী বিদেশী খেলুৱৈ ।

লগতে পঢ়ক: কেনেদৰে পাৰ হ’ল আই পি এলৰ মেগা নিলামৰ প্ৰথমটো দিন ? জানেনে কিমান স্লট আৰু ধন বাকী আছে?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.