ETV Bharat / sports

শূন্যত আউট সাতগৰাকী বেটছমেন; আন্তঃৰাষ্ট্ৰীয় মেচত 7 ৰাণত অল আউট

টি-20 ক্ৰিকেটত স্থাপন হৈছে এক লজ্জাজনক বিশ্ব অভিলেখ । এখন আন্তঃৰাষ্ট্ৰীয় টি-20 ক্ৰিকেট মেচত সৰ্বনিম্ন স্ক’ৰ সংগ্ৰহ কৰি এটা দলে হেৰুৱাইছিল আটাইকেইটা উইকেট ৷

LOWEST EVER TEAM TOTAL IN T20IS
নাইজেৰিয়াৰ ক্ৰিকেট দলটোৰ একাংশ (ICC Social Media)
author img

By ETV Bharat Sports Team

Published : 3 hours ago

স্প’ৰ্টছ ডেস্ক: মাত্ৰ 7 ৰাণত এটা দল অল আউট...সেয়াও আন্তঃৰাষ্ট্ৰীয় মেচত ৷ শুনিবলৈ নিশ্চয় অলপ আচহুৱা লাগিছে ৷ কিন্তু নাইজেৰিয়াৰ বিৰুদ্ধে আইভৰি কোষ্টে গঢ়িছে এই লজ্জাজনক অভিলেখ । তদুপৰি এই মেচখনত ৰাণৰ ক্ষেত্ৰত সৃষ্টি হৈছে অনন্য অভিলেখ ।

7 ৰাণত অল আউট সম্পূৰ্ণ দলটো

আন্তঃৰাষ্ট্ৰীয় টি-20 ক্ৰিকেটৰ ইতিহাসত এইটোৱেই হৈছে সৰ্বনিম্ন স্ক’ৰ । এই মেচখনত নাইজেৰিয়াই 264 ৰাণত জয়লাভ কৰে । লাগোছৰ টাফাৱা বালেৱা স্কোৱাৰ ক্ৰিকেট অভাল খেলপথাৰত অনুষ্ঠিত হয় এই মেচ ।

দৰাচলতে লাগোছত অনুষ্ঠিত আই চি চি পুৰুষৰ টি-20 বিশ্বকাপ উপ-মহাদেশীয় আফ্ৰিকা কোৱালিফায়াৰ গ্ৰুপ চি মেচত নাইজেৰিয়াৰ বিৰুদ্ধে আইভৰি কোষ্টে মাত্ৰ 7 ৰাণত আউট হোৱাৰ লগতে 264 ৰাণত পৰাস্ত হৈছিল ।

মন কৰিবলগীয়া যে, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ শীৰ্ষ 5 সৰ্বনিম্ন ৰাণৰ ভিতৰত 4 টায়েই 2024 চনত সংগ্ৰহ কৰা হৈছে ।

প্ৰথমবাৰৰ বাবে একক সংখ্যাৰ দলীয় স্ক’ৰ

পুৰুষৰ টি-20 আন্তঃৰাষ্ট্ৰীয় মেচত এয়া প্ৰথমবাৰৰ বাবে একক সংখ্যাৰ দলীয় স্ক’ৰ সংগ্ৰহ হৈছে । এই ফৰ্মেটত পূৰ্বৰ নূন্যতম স্ক’ৰ আছিল 10 ৰাণ । তদুপৰি দুবাৰকৈ এনে ঘটনা সংঘটিত হৈছে ৷ প্ৰথমতে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ছিংগাপুৰৰ বিৰুদ্ধে মংগোলিয়াই 10 ৰাণ সংগ্ৰহ কৰিছিল ৷ আনহাতে, যোৱা বছৰ স্পেইনৰ বিৰুদ্ধে একে সংখ্যক ৰাণৰ বাবে আইল অৱ মেনে বল আউট হৈছিল ।

ৰাণৰ ক্ষেত্ৰত তৃতীয় সৰ্ববৃহৎ জয়

পুৰুষৰ টি-20 আন্তঃৰাষ্ট্ৰীয় মেচত সৰ্ববৃহৎ জয়ৰ কথা ক’বলৈ গ’লে নাইজেৰিয়াৰ 264 ৰাণৰ জয় যোৱা এমাহৰ ভিতৰত তৃতীয় সৰ্ববৃহৎ জয় ৷ জিম্বাব’ৱেই গাম্বিয়াক 290 ৰাণত পৰাস্ত কৰাৰ বিপৰীতে নেপালে মংগোলিয়াক 273 ৰাণত পৰাস্ত কৰে ।

আন্তঃৰাষ্ট্ৰীয় টি-20 ত সৰ্বনিম্ন দলীয় স্ক’ৰ

  • আইভৰি কোষ্ট: 7 ৰাণ, বনাম নাইজেৰিয়া (নৱেম্বৰ, 2024)
  • মংগোলিয়া: 10 ৰাণ, বনাম ছিংগাপুৰ (ছেপ্টেম্বৰ, 2024)
  • আইল অৱ মেন: 10 ৰাণ, বনাম স্পেইন (ফেব্ৰুৱাৰী, 2023)
  • মংগোলিয়া: 12 ৰাণ, বনাম জাপান (মে’, 2024)
  • মংগোলিয়া: 17 ৰাণ, বনাম হংকং (আগষ্ট, 2024)
  • মালি: 18 ৰাণ, বনাম টাঞ্জানিয়া (ছেপ্টেম্বৰ, 2024)

আন্তঃৰাষ্ট্ৰীয় টি-20 মেচত সৰ্বাধিক জয় (ৰাণৰ দিশত)

  • জিম্বাব’ৱে: 290 ৰাণ, বনাম গাম্বিয়া (অক্টোবৰ, 2024)
  • নেপাল: 273 ৰাণ, বনাম মংগোলিয়া (ছেপ্টেম্বৰ, 2023)
  • নাইজেৰিয়া: 264 ৰাণ, বনাম আইভৰি কোষ্ট (নৱেম্বৰ, 2024)

লগতে পঢ়ক: পাৰ্থত যশপ্ৰীত বুমৰাহ নেতৃত্বাধীন টীম ইণ্ডিয়াৰ জয়; অষ্ট্ৰেলিয়াক হৰুৱাই 47 বছৰীয়া অভিলেখ ভংগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.