ETV Bharat / state

৭ বছৰে নিৰ্মাণ নহ'ল এখন দলং: ফলত প্ৰাণ হেৰুৱালে যুৱকে - MAKUM ROAD ACCIDENT

দুৰ্ঘটনাৰ পিছতেই ভগ্ন দলং নিৰ্মাণৰ দাবীত আটছা, সদৌ মৰাণ ছাত্ৰ সন্থাৰ পথ অৱৰোধ ।

Road Accident in Tinsukia
ভগ্ন দলং নিৰ্মাণৰ দাবী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 25, 2024, 5:54 PM IST

তিনিচুকীয়া: তিনিচুকীয়া জিলাৰ মাকুমৰ পৰা দুলিয়াজান মূল সংযোগী পথৰ ৰাজগড় বজালনীৰ মাজৰ ভাগত বছৰ বছৰ ধৰি বিধ্বস্ত হৈ আছে দলং । স্থানীয় ৰাইজে কেইবাবাৰো জনপ্ৰতিনিধিক এই দলংখন নিৰ্মাণৰ বাবে দাবী জনাই আহিছে যদিও আজিকোপতি কোনো জনপ্ৰতিনিধিয়েই বিষয়টোত গুৰুত্ব প্ৰদান নকৰিলে । ফলত এই দলঙৰ বাবেই প্ৰাণ হেৰুৱালে এজন যুৱকে ।

মাকুমৰ পৰা দুলিয়াজান মূল সংযোগী পথৰ ৰাজগড় বজালনীৰ মাজৰ দলঙত দেওবাৰে নিশা এক পথ দুৰ্ঘটনাত ভেৰভেৰী আৰু হাতীজান বাগিচাৰ দুজন বাইক আৰোহী দুৰ্ঘটনাত পতিত হয় ।

ভগ্ন দলং নিৰ্মাণৰ দাবী (ETV Bharat Assam)

এই দুৰ্ঘটনাত ভেৰভেৰীৰ বিশাল গোৱালা (৩০) নামৰ যুৱকজন থিতাতে নিহত হোৱাৰ সমান্তৰালকৈ এজন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । ইফালে, মৃত বিশাল গোৱালাৰ পৰিয়ালবৰ্গই বিশালৰ পত্নীৰ লগতে সন্তানক আৰ্থিক সাহাৰ্য প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাইছে ৷

উক্ত ঘটনাৰ আলমতেই সোমবাৰে পুৱাই ভগ্ন দলংখন নিৰ্মাণৰ দাবীত লাংকাচি যুৱক সংঘ,আটছা, সদৌ মৰাণ ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজ ওলাই আহি পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে । পথৰ মাজেৰে চলাচল কৰা ব্যৱসায়িক প্ৰতিষ্ঠানৰ, ব্যক্তিগত নতুবা অইলৰ সকলোবোৰ বাহনেই আবদ্ধ কৰি ৰাখে প্ৰতিবাদকাৰীসকলে ।

জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ

দুবছৰ ধৰি দলং নিৰ্মাণৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা নোলোৱাত ইটোৰ পাছত সিটো দুৰ্ঘটনা সংঘটিত হৈ থকাত ৰাইজে এনেদৰে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে । ৰাইজে তিনিচুকীয়া লোক নিৰ্মাণ বিভাগৰ অভিযন্তা কুশল বৰুৱাকে ধৰি পূৰ্বৰ জনপ্ৰতিনিধি আৰু বৰ্তমানৰ মাকুম সমষ্টিৰ তত্বাৱধায়ক হিচাপে থকা শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়াক অতি শীঘ্ৰে দলংখন নিৰ্মাণ কৰিবলৈ লিখিতভাৱে প্ৰতিশ্ৰুতি দিয়াৰ আহ্বান জনাইছে । অন্যথা ক্ৰমান্বয়ে জিলা আয়ুক্ত কাৰ্যালয়লৈকে প্ৰতিবাদ কৰিবলৈ সাজু থকা বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে ।

৭ বছৰে নিৰ্মাণ নহ'ল দলং

তিনিচুকীয়া জিলাৰ বৰ্তমানৰ মাকুম বিধানসভা সমষ্টিৰ অন্তৰ্গত মাকুমৰ পৰা দুলিয়াজানলৈ যোৱা মুখ্য পথটোৰ নিৰ্মাণকাৰ্য সম্পন্ন হোৱাৰ আজি প্ৰায় ৭ বছৰে হ'ল । কিন্তু দুৰ্ভাগ্যজনক বিষয় যে মুখ্য পথটোৰ ৰাজগড় আলি আৰু বজালনী চাহ বাগিচাৰ মাজত থকা ভঙা পুৰণি দলংখন আজিকোপতি নিৰ্মাণ নহ’ল । অতি ব্যস্ততাপূৰ্ণ পথেদি চাৰিখনকৈ প্রতিষ্ঠিত চাহ বাগিচাৰ শ্ৰমিকসকলৰ লগতে সাতখনকৈ গাঁৱৰ ৰাইজে যাতায়ত কৰি আহিছে ।

অতি পৰিতাপৰ বিষয় যে পুৰণি দলংখন ভাঙি পৰাৰ পাছত লোক নিৰ্মাণ বিভাগে মৰণফান্দৰ দৰে থকা দলংখনৰ কোনোধৰণৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰা নাই । ফলত প্ৰায়ে সংঘটিত হ'বলৈ ধৰিছে দুৰ্ঘটনা । যোৱা নিশা এ এছ ২৩- ৱাই ৩৬০৪ নম্বৰৰ মটৰচাইকেলত দুজন আৰোহী মৰণফান্দটোত পৰাত এজন থিতাতে নিহত হোৱাৰ লগতে এজনক সংকটজনক অৱস্থাত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় ।

লগতে পঢ়ক:বিদ্যালয়লৈ ওলাই গৈ কোনোদিনেই উভতি নহাৰ বাটেৰে গুচি গ’ল পিতৃ-কন্যা

পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মাতৃ-পুত্ৰসহ আন এগৰাকীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.