Flood in Dhemaji: বানত বুৰিছে ধেমাজিৰ বিস্তীৰ্ণ অঞ্চল - Flood in Dhemaji

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 12, 2023, 2:21 PM IST

ধেমাজি,১২ আগষ্ট: অৰুণাচল পাহাৰত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে জিলাখনৰ বিভিন্ন নৈ আৰু উপনৈ ৷ ন নদী, জীয়াঢলৰ সমান্তৰালভাৱে আনফালে ডিমৌ, চিলাসুতি আৰু ঘগৰা নৈয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ জীয়াঢলৰ কাংকু সুতিয়ে জীয়াঢল চাৰিআলিৰ উপকণ্ঠ অঞ্চলত তাণ্ডৱ চলাইছে ।  

জীয়াঢল চাৰিআলিৰ পৰা নআলি ভজু গাঁৱলৈকে ১৫নং ৰাষ্ট্ৰীয় ঘাই পথচোৱা এতিয়ালৈকে বহুবাৰ বুৰাই পেলোৱা লগতে পথাৰ,ঘৰ প্লাৱিত কৰিছে ৷ পাহাৰত এজাক বৰষুণ দিলেই জীয়াঢল চাৰিআলিত ১৫নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰে পানী বাগৰাটো গতানুগতিক হৈ পৰিছে । সেইদৰে চিলাপথাৰ অঞ্চলৰ চিলাসূঁতি, মুক্তিয়াৰ গাঁৱ পঞ্চায়তৰ কুৰিখনৰো অধিক গাঁও বানৰ কবলত পৰিছে ।  

বিশেষকৈ ডিমৌ নদীৰ বাঢ়নী পানীয়ে উটুৱাই লৈ গ'ল শতাধিক পৰিয়ালৰ পুখুৰীৰ মাছ, দুখনকৈ ব্ৰয়লাৰ ফাৰ্মৰ কুকুৰা । ডিমৌ নদীৰ বাঢ়নী পানীয়ে নিমিষতে চুৰমাৰ কৰিলে লক্ষাধিক টকাৰ সা-সম্পত্তি । একমাত্ৰ জীৱিকাৰ সম্বল হেৰুৱাই মুৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে ৰাইজে ৷ 

লগতে পঢ়ক: Constituency Delimitation 2023 : ১৪ আগষ্টত আমগুৰি সমষ্টি বন্ধৰ আহ্বান; সমৰ্থন বহু জাতীয় সংগঠনৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.