এনডিএৰ প্ৰাৰ্থীকহে ৰাইজে ভোট দিব: প্ৰমোদ বড়ো - বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য় প্ৰমোদ বড়ো
🎬 Watch Now: Feature Video
Published : Dec 8, 2023, 10:08 PM IST
বাক্সা, ৮ ডিছেম্বৰ : "বিপিএফ দলে ১৭ বছৰ ৰাজত্ব কৰাৰ সময়ত বিটিআৰৰ ৰাইজে জীৱনৰ নিৰাপত্তাত ভুগি আহিছিল ৷ হিংসা,হত্যা,ভয়-ভাবুকিৰে শাসন চলাইছিল ৷ ইউপিপিএল দলে মাত্ৰ এবাৰ নিৰ্বাচনত বিজয়ী হৈ বৰ্তমান শান্তি স্থাপন কৰিবলৈ সক্ষম হৈছে ।" আজি বাক্সা জিলাৰ বৰমাত এখন ইউপিপিএলৰ সভাত অংশগ্ৰহণ কৰি এইদৰে কয় বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৱে ৷ ইপিনে,লোকসভা নিৰ্বাচনত এনডিএৰ প্ৰাৰ্থীকহে অসমৰ ৰাইজে ভোট দিব বুলিও তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷
সভাত বিটিআৰৰ বন বিভাগৰ ইএম ৰঞ্জিত বসুমতাৰীয়ে কয় যে হাগ্ৰামা মহিলাৰীয়ে নিজৰ ক্ষমতা অটুত ৰাখিবলৈ বিটিআৰত বিভাজনৰ ৰাজনীতি কৰিছিল ৷ বিটিএডিত বড়ো-অনাবড়োৰ ভাতৃঘাতী সংঘাতৰ ৰাজনীতি কৰি হাগ্ৰামা মহিলাৰীয়ে শাসন কৰি আহিছিল ৷ প্ৰাক্তন এনডিএফবিৰ সমস্যাৰ ক্ষেত্ৰত তেওঁ কয় যে পৰ্যায়ক্ৰমে সমস্যাসমূহ ইতিমধ্যে শেষ হৈ আহিছে যদিও একাংশই কাৰোবাৰ প্ৰৰোচনাত পৰি সময়ে সময়ে বিভিন্ন সমস্যা উলিয়াই থাকে ৷ সভাত বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৰ লগতে দলৰ বিশিষ্ট নেতাসকলে ভাষণ আগবঢ়ায় ।
লগতে পঢ়ক:মুখ্যমন্ত্ৰীৰ লিখিত প্ৰতিশ্রুতি অবিহনে অনশন ভংগ নকৰে প্ৰতিবাদী শিক্ষকে