Change in Brahmaputra water: হঠাৎ সলনি হ’ল ব্ৰহ্মপুত্ৰৰ পানীৰ বৰণ; নৈপৰীয়া ৰাইজৰ আশংকা - নৈপৰীয়া ৰাইজৰ আশংকা
🎬 Watch Now: Feature Video
Published : Oct 3, 2023, 9:08 PM IST
মাজুলী, 3 অক্টোবৰ: হঠাৎ সলনি হোৱা দেখিবলৈ পোৱা গৈছে ব্ৰহ্মপুত্ৰৰ পানীৰ বৰণ । মাজুলীত ব্ৰহ্মপুত্ৰত দেখা পোৱা গৈছে ঘোলা পানী । হঠাৎ ব্ৰহ্মপুত্ৰত পানীৰ বৰণ সলনি হোৱাত চিন্তিত হৈ পৰিছে মাজুলীৰ নৈপৰীয়া গাঁওবাসী ৷ উল্লেখ্য যে, আজিৰ পৰা প্ৰায় দুই বছৰৰ পূৰ্বেও ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ বৰণ সলনি হৈছিল । সেই সময়ত ব্ৰহ্মপুত্ৰ নদীৰ পানী এতিয়াৰ দৰে একে বৰণৰ হৈছিল ৷ ইয়াৰ পিচতে ব্ৰহ্মপুত্ৰত থকা মাছবোৰ মৰি যোৱা পৰিলক্ষিত কৰা হৈছিল ৷
দুবছৰৰ পিচত এইদৰে ব্ৰহ্মপুত্ৰ নদীৰ পানী ঘোলা হোৱা দেখাৰ পিচতে চিন্তিত হৈছে লোকসকল । কিয়নো নদীখনক কেন্দ্ৰ কৰিয়েই বহু নৈ পৰীয়া লোকে জীৱন নিৰ্বাহ কৰি আহিছে । ইয়াৰ উপৰিও আজিৰ তাৰিখতো নৈ পৰীয়া পৰিয়ালে ব্ৰহ্মপুত্ৰ নদীৰ পানী সেৱন কৰিয়েই জীৱন যাপন কৰিছে ।
যদিহে ব্ৰহ্মপুত্ৰৰ এই পানীত কিবা দূষিত দ্ৰব্য মিহলি হৈ আহিছে তেন্তে নৈ পৰীয়া লোকসকলৰ জীৱনলৈ যে বিপদ আহিব সেইটো নিশ্চিত । স্থানীয় ৰাইজৰ চৰকাৰ তথা জিলা প্ৰশাসনক এই সমগ্ৰ বিষয়ৰ ওপৰত অতি সোনকালে ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে স্থানীয় লোকসকলে ৷
লগতে পঢ়ক: Silsako Evicted people protest : ক্ষতিপূৰণসহ পুনৰ সংস্থাপনৰ দাবীত চচলত শিলসাঁকোৰ উচ্ছেদিতৰ প্ৰতিবাদ