Congress Meeting at Tingkhong : টিংখাঙত কংগ্ৰেছৰ বাগানে বাগানে কংগ্ৰেছ কাৰ্যসূচীত অপ্ৰীতিকৰ পৰিস্থিতি - অপ্ৰীতিকৰ পৰিস্থিতি
🎬 Watch Now: Feature Video


Published : Sep 4, 2023, 9:12 PM IST
ডিব্ৰুগড়, 4 ছেপ্টেম্বৰ : টিংখাঙত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত হোৱা "বাগানে বাগানে কংগ্ৰেছ" কাৰ্যসূচীত উত্তপ্ত পৰিস্থিতি ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য, বিধায়ক ৰকিবুল হুছেইন, প্ৰাক্তন মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, এটুৱা মুণ্ডা আদি নেতাৰ উপস্থিতিত টিংখাং চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত হৈছিল "বাগানে বাগানে কংগ্ৰেছ" কাৰ্যসূচী ৷
সভাত জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰে ভাষণ দি থকা অৱস্থাতে উপস্থিত একাংশই পৱন সিং ঘাটোৱাৰক কংগ্ৰেছৰ দিনত কিমান উন্নয়ন হৈছিল বুলি প্ৰশ্ন কৰে ৷ হঠাৎ এনেদৰে প্ৰশ্নৰ সন্মুখীন হৈ বিব্ৰত হৈ পৰে মঞ্চত উপস্থিত কংগ্ৰেছ নেতা সকল ৷ ইয়াৰ পাছতে একাংশই মঞ্চৰ সন্মুখতে বিজেপি জিন্দাবাদ ধ্বনি প্ৰদান কৰে ৷
এনে পৰিস্থিতিত দুয়োপক্ষৰ মাজত প্ৰথমে বাক-বিতণ্ডা হোৱাৰ লগতে হতাহতিৰ সৃষ্টি হয় ৷ দুয়োপক্ষৰ হতাহতিৰ ফলত পৰিবেশ উত্তাল হৈ পৰে ৷ অৱশ্যে কিছু সময়ৰ পাছত পৰিস্থিতি শান্ত হোৱাত পুনৰ সভা আৰম্ভ হয় ৷ ইফালে কংগ্ৰেছৰ ক্ৰমাগত জনপ্ৰিয়তাত ভীতিগ্ৰস্ত হৈ টিংখাঙত বিজেপিয়ে এনেধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰে বুলি অভিযোগ কৰাৰ লগতে এনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰে কংগ্ৰেছৰ নেতা-কৰ্মীসকলে ৷
লগতে পঢ়ক : Silsako Beel eviction: মাধৱদেৱ তিথিৰ দিনাও চলিল শিলসাঁকোত আংশিক উচ্ছেদ অভিযান