AHSEC Result 2023: বাগিচাৰ কাম কৰি ভাল পাই বাণিজ্য শাখাত নৱম স্থানপ্ৰাপ্ত উন্নীতা গোস্বামীয়ে - Srimanta Sankaradeva Academy
🎬 Watch Now: Feature Video
গুৱাহাটী, ৬ মে:মঙলবাৰে ঘোষিত উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাৰ চূড়ান্ত বৰ্ষৰ ফলাফলত ৪৬১ নম্বৰেৰে নৱম স্থান দখল কৰিছে কামৰূপৰ(ম)উন্নীতা গোস্বামীয়ে (HS exam results 2023)। শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ (ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল) ছাত্ৰী উন্নীতাই বাণিজ্য শাখাত নৱম স্থান দখল কৰি শিক্ষানুষ্ঠানখনলৈ গৌৰৱ কঢ়িয়াই আনিছে (Srimanta Sankaradeva Academy)। দীৰ্ঘদিন ধৰি এই শিক্ষানুষ্ঠানখনে স্থান দখল কৰিব পৰা নাছিল । উন্নীতা গোস্বামীৰ ঘৰ পাণবজাৰত (Unnita Goswami secured 9th positions in commerce)। তেওঁৰ পিতৃ এ এছ গোস্বামী আৰু মাতৃ অপৰাজিতা গোস্বামী ।
মেট্ৰিকত ধাৰাপুৰৰ কেমব্ৰিজ পাব্লিক স্কুলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা উন্নীতাই শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ ( ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল) বাণিজ্য শাখাত নামভৰ্তি কৰিছিল । ফলাফলত সুখী অনুভৱ কৰি উন্নীতাই কয় যে তেওঁ স্থান পাব বুলি আশা কৰিছিল । পঢ়া বিষয়টো সদায় সহজভাৱে লোৱা উন্নীতাই পৰীক্ষাৰ বাবে দৈনিক গড়ে ৩-৪ ঘন্টাকৈ অধ্য়য়ণ কৰিছিল বুলি উল্লেখ কৰি উন্নীতাই কয়,"পঢ়াৰ ক্ষেত্ৰত মোৰ জ্ঞানৰ পৰিকাঠামো প্ৰথমে শক্তিশালী কৰি গঢ় দিছিলো । তাৰ পিছত নিয়মিতভাৱে অধ্যয়ন কৰিছিলো । পঢ়া বিষয়টো কেতিয়াও জটিল কাম বুলি লোৱা নাছিলো । সেয়ে মোৰ অনুজসকলকো কম যে পঢ়া বিষয়টোক সহজ কৰি ল'ব লাগে । তেতিয়া পঢ়া বিষয়টো কঠিন হৈ নপৰে । বিৰক্তিকৰ হৈ নপৰে ।"
আজৰি সময়ত বাগিচাৰ কাম কৰি ভাল পোৱা উন্নীতাই ভৱিষ্যতে এম বি এ কৰাৰ ইচ্ছা পুহি ৰাখিছে । তেওঁ কয়,"এতিয়া মই প্ৰথমে বাণিজ্যত মেজৰ লোৱাৰ বাবে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হম । তাত আসন নাপালে গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ত বাণিজ্যত মেজৰ লৈ অধ্যয়ন কৰিম ।" সাফল্যৰ বাবে উন্নীতাই প্ৰথমে ভগৱানক, তাৰ পিছত পিতৃ-মাতৃৰ আৰু শিক্ষা গুৰুসকলৰ আশীৰ্বাদৰ কথা সুঁৱৰে ।
লগতে পঢ়ক:HS result 2023: বিজ্ঞান শাখাত দ্বিতীয় স্থান লাভ ঋষভ উপাধ্যায়ৰ; গৌৰাৱান্বিত টিংখাঙবাসী