thumbnail

Durga Puja 2023: বাঁহ-বেতৰ আটকধুনীয়া পূজা মণ্ডপ

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 9:59 PM IST

চৰাইদেউ,১৯ অক্টোবৰ: দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান ঘন্টা বাকী । ৰাজ্যৰ চৌদিশে দেখা গৈছে পূজাৰ এক উৎসৱমুখৰ পৰিৱেশ । মা দুৰ্গাক আদৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে চৰাইদেউ জিলাৰ ৰাইজেও চলাইছে ব্যাপক প্ৰস্তুতি । চৰাইদেউ জিলাৰ সোণাৰিত ব্যতিক্ৰমী ৰূপত নিৰ্মাণ কৰা হৈছে আনন্দপাৰা পূজা মণ্ডপ । এইবাৰ সোণাৰিৰ আনন্দপাৰাৰ পূজা মণ্ডপৰ ব্যতিক্ৰম ৰূপ দেখিবলৈ পোৱা গৈছে ।  

পৰিৱেশ প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ থলুৱা সামগ্ৰীৰে নিৰ্মাণ কৰি উলিয়াইছে এই মণ্ডপ । কেৱল বাঁহ আৰু বেতৰ ওপৰত গুৰুত্ব প্ৰদান কৰি নিৰ্মাণ কৰিছে মণ্ডপ ভাগ । ২০০২ চনৰ পৰা ক্ৰমান্বয়ে ২২ বছৰ অতিক্ৰম কৰিছে এই আনন্দপাৰা পূজা মণ্ডপ । প্ৰতি বছৰে ব্যতিক্ৰমী ৰূপেৰে সোণাৰিবাসী ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে আনন্দপাৰাৰ পূজা মণ্ডপে । এইবাৰো কেৱল বাঁহ আৰু বেতেৰে নিৰ্মাণ কৰা পূজা মণ্ডপে ৰাইজক আকৰ্ষণ কৰিব বুলি আশা প্ৰকাশ উদ্যোক্তাসকলৰ ।  

লগতে পঢ়ক: Durga Puja 2023: শুকুৰবাৰে মহাষষ্ঠী, সোণালী জয়ন্তী বৰ্ষত ভৰি দিব ৰাজগড়ৰ দুৰ্গা পূজাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.